মাজনিশা গোৱালপাৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা

মাজনিশা গোৱালপাৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী জিৰাত মাজনিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এজন যুৱ বাইক আৰোহী থিতাতে নিহত হয় ৷ নিহত বাইক আৰোহী যুৱকজন কৃষ্ণাই ভেল্টাঘাটৰ আবিদুৰ ৰহমান (২৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

দুৰ্ঘটনাত নিহত যুৱকজন নিশা নিজ As-18K-5734 নম্বৰৰ পালচাৰ বাইকেৰে মেঘালয়ৰ মেন্দিপথাৰ দিশৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা সময়তে জিৰাত অচিনাক্ত বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয় ৷

দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে যুৱকজন বাইক সহ পথৰ ওপৰতে চিটিকি পৰে আৰু থিতাতে নিহত হয় বাইক আৰোহী যুৱকজন ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে বাহনখন ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰে ৷

মাজনিশা গোৱালপাৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা
মাহমৰাত কংগ্ৰেছ কৰ্মীৰ দলীয় সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in