মাহমৰাত কংগ্ৰেছ কৰ্মীৰ দলীয় সভা

মাহমৰাত  কংগ্ৰেছ কৰ্মীৰ দলীয় সভা

ডিজিটেল সংবাদ, মৰাণঃ "কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰাসকলে অধিকাংশই এটা সময়ত দূৰ্নীতি কৰি থৈছে ৷ এতিয়া নিজৰ দূৰ্নীতি ঢাকিবলৈ, ইনকম টেক্স, ইডিৰ পৰা বাচিবলৈ বিজেপি দললৈ গৈছে ৷ কাৰোবাক প্ৰলোভন দি বিজেপি দললৈ নিয়া হৈছে ৷ ইয়াত নীতি-আদৰ্শৰ কথা নাই ৷"- এই ভাষ্য নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ মাহমৰা সমষ্টিৰ দিচাংপানীত সোমবাৰে বিয়লি এক দলীয় সভাত অংশগ্ৰহন কৰি একাংশ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ সম্পৰ্কত এনেদৰে মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷

শেহতীয়াকৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰি সভাপতি ৰানা গোস্বামী আৰু সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াৰ দলত্যাগৰ সম্পৰ্কতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে একাংশ কংগ্ৰেছ নেতাৰ দলত্যাগে দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব নোৱাৰে ৷ বিজেপি চৰকাৰখন অত্যাচাৰী চৰকাৰ বুলি উল্লেখ কৰি দেৱব্ৰত শইকীয়াই।

লগতে তেওঁ কয় যে এই চৰকাৰখনে কেৱল মুখৰ কথাত চলি আছে ৷ গৌৰৱ গগৈৰ সম্পৰ্কতো তেওঁলোকে ভিত্তিহীন কথা কৈ প্ৰচাৰ চলাইছে ৷ কিন্তু কংগ্ৰেছ দলে দেশৰ সুস্থিৰ অৱস্থা ঘূৰাই অনাৰ বাবে, শক্তিশালী অৰ্থনৈতিক ভেঁটি গঢ়ি তোলাৰ বাবে ৰাজনীতি কৰিছে ৷ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদান দলে এক প্ৰত্যাহ্বান হিচাপে লৈছে ৷ হৰা-জিকা পিছৰ কথা কিন্তু গৌৰৱ গগৈৰ দৰে নেতাইহে অসমৰ কথা, বিজেপিয়ে কৰা অন্যায়ৰ কথা লোকসভাত উত্থাপন কৰিব পাৰিব বুলি ব্যক্ত কৰে বিধায়ক দেৱব্ৰত শইকীয়াই ৷

মাহমৰাত  কংগ্ৰেছ কৰ্মীৰ দলীয় সভা
শিলচৰৰ ৰাজপথত দুৰ্বৃত্তৰ আক্ৰমণঃ আহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in