ডিজিটেল সংবাদ, ছয়দুৱাৰ : সমগ্ৰ অসমবাসীৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰা স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰৰ শোষণ-নিস্পেষণৰ বিৰুদ্ধে সৰৱ হৈ পৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। অসমৰ বিভিন্ন ঠাইত কংগ্ৰেছৰ দলীয় সাংগঠনিক কাৰ্য্যসূচীত অংশ লৈ বুধবাৰে দুপৰীয়া গহপুৰৰ ডুবিয়াত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ।
সাংসদ গগৈয়ে স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰাইজৰ ওপৰত জাপি দিয়া ধাৰৰ বোজা মাৰিবলৈকে বলপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ লগাইছে বিজেপি চৰকাৰে। কোটি কোটি টকা ধাৰ লৈ দামী দামী ফ্লাই অভাৰ বনোৱাৰ ফলত কিছুমান বিশেষ ঠিকদাৰ আৰু বিশেষ বিশেষ ৰাজনীতিকৰ লাভ হৈছে যদিও এই ধাৰৰ বোজা অসমৰ খাটিখোৱা ৰাইজৰ মূৰত পৰিছে।
উন্নয়নৰ নামত ধাৰত পোত যোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ধাৰৰ বোজাৰ পৰা পৰিত্ৰাণ পাবলৈকে স্মাৰ্ট মিটাৰ বহুৱাই ইয়াক ধাৰ মৰাৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰিও সাংসদ গৌৰৱ গগৈয়ে আৰু কয় যে এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয়।
কিছুমান বিশেষ ধনী ব্যক্তি আৰু ঠিকাদাৰৰহে চৰকাৰ। এইখন চৰকাৰৰ দিনত ধনী মানুহৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈছে। কিন্তু মূল্যবৃদ্ধিৰ কেকোঁৰাচেঁপাত এতিয়া দিগবিদিক হেৰুৱাবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ মানুহে।
বিভিন্ন মাধ্যমৰ কৰ বৃদ্ধি, খাদ্য-সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ পৰিচয় দাঙি ধৰা বুলিও তেওঁ উল্লেখ কৰে। অসমৰ বিভিন্ন প্ৰান্তত আলফাই একুৰিৰো অধিক বোমা সংস্থাপন কৰাৰ প্ৰসংগত তেওঁ কয় যে এইক্ষেত্ৰত গৃহ মন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ ইনটেলিজেঞ্চ বিভাগ চুড়ান্তভাৱে ব্যৰ্থ হৈছে।
কংগ্ৰেছৰ ভিতৰত কি হৈ আছে তাৰ খবৰ ৰাখিবলৈ হিমন্ত হিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পতা নাই বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভিতৰুৱা খবৰ ৰখাতকৈ অসমৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ক। গুৱাহাটী মহানগৰীত হোৱা বানপানীৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে আগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল তেতিয়াও গুৱাহাটীৰ বানপানীৰ সমস্যাৰ সমাধান নহ'ল।
এতিয়া যি গৰাকী গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছে তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বস্ত। এইগৰাকী মন্ত্ৰীয়ে গুৱাহাটী মহানগৰীৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়াতকৈ নিজৰ কোম্পানীৰ নামত বিভিন্ন নামী দামী এপাৰ্টমেণ্ট নিৰ্মাণৰ ওপৰতহে গুৰুত্ব দি আহিছে।
এই প্ৰসংগত তেওঁ কয় যে ৰাজনীতি নিজকে ধনী কৰাৰ মাধ্যম হ'ব নালাগে। ৰাজনীতি হ'ব লাগে ৰাইজক সেৱা কৰাৰ মাধ্যম। কিন্তু বিজেপিয়ে আজি সেই আদৰ্শ বিসৰ্জন দি ৰাজনীতিৰ জৰিয়তে ধন ঘটাৰ অঘোষিত প্ৰতিযোগিতাত লিপ্ত হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰিপুন বৰাই কংগ্ৰেছ দললৈ প্ৰত্যাবৰ্তন কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে ৰিপুন বৰাক কংগ্ৰেছ দলে পুনৰ আদৰি লোৱাত কোনো ধৰণৰ আপত্তি নাই।
অৱশ্যে এইক্ষেত্ৰত সংশ্লিষ্ট জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ পৰা অনুমতি লাগিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে-আজি গহপুৰত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক ডুবিয়াৰ ৰাজহুৱা নামঘৰত পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে সাদৰ সম্ভাষণ জনাই গায়ন বায়নেৰে আদৰি নিয়ে।তাতে তেওঁ সমবেত ৰাইজক উদ্যেশী ভাষণ প্ৰদান কৰে।