দুৰ্নীতিগ্ৰস্ত সমবায় সভাপতি,সচিবৰ বিৰুদ্ধে যোগান বিভাগৰ গোচৰ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আৱন্টিত চৰকাৰী চাউলৰ চোৰাং বেহাৰ সন্দৰ্ভত বহু প্ৰামানিক তথ্য উপলব্ধ হোৱাৰ পাছতো অন্ধ মুনিৰ ভূমিকা গ্ৰহণ কৰি অহা অকমন্য যোগান বিভাগ অৱশেষত বাধ্য হ'ল দুই অভিযুক্তৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিবলৈ

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিগ্ৰস্ত সমবায় সভাপতি,সচিবৰ বিৰুদ্ধে যোগান বিভাগৰ গোচৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত মৰটোপনি ভাগিল ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আৱন্টিত চৰকাৰী চাউলৰ চোৰাং বেহাৰ সন্দৰ্ভত বহু প্ৰামানিক তথ্য উপলব্ধ হোৱাৰ পাছতো অন্ধ মুনিৰ ভূমিকা গ্ৰহণ কৰি অহা অকমন্য যোগান বিভাগ অৱশেষত বাধ্য হ'ল দুই অভিযুক্তৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিবলৈ । পূৱ ঢকুৱাখনা সমবায় সমিতিৰ অৰ্থলোভী সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ বিৰুদ্ধে মঙলবাৰে ঢকুৱাখনা সদৰ থানাত এক গোচৰ দাখিল কৰিছে যোগান বিভাগৰ ক্ষেত্ৰ বিষয়া তথা যোগান পৰিদর্শক কবিন্দ্ৰ মেদকে।

Advertisment

এজাহাৰত সমবায় সমিতিখনৰ গ্ৰাহক সকললৈ আবন্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আঁচনিৰ প্ৰায় ১০০২.৫০ কুইণ্টল চাউল অপচয় কৰা আৰু এই সন্দৰ্ভত এক বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে সমবায় সমিতিখনৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে । বিভাগীয় ভাবে দাখিল কৰা এই গোচৰ ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে সদৰ থানাত ।

ভাৰতীয় দণ্ডবিধি আইনৰ  ৪০৭/৩৪ ধাৰাত পঞ্জীভূত গোচৰ(নং-৮৯ /২০২৩)ৰ তদন্ত নিৰপেক্ষ আৰু ৰাজনৈতিক প্ৰভাৱ মুক্ত হ'লে এই দুই দুৰ্নীতি পৰায়ন সভাপতি, সচিবৰ উপৰিও এই চোৰাং চাউলৰ নিকৃষ্ট বেহাৰ সৈতে জড়িত থকা এক শক্তিশালী চক্ৰই ৰঙা ঘৰৰ আলহী হোৱাটো খাটাং । ইপিনে বিজেপি ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত মাতমৰা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি পদত অধিষ্ঠিত সমবায় সমিতিখনৰ মুখ্য অভিযুক্ত ভবেশ দলে।

তেওঁৰ বিৰুদ্ধে চৰকাৰী অত্যাৱশ্যকীয় সামগ্রী কুক্ষীগত কৰাৰ দৰে নিৰ্লজ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীভূত হোৱাত দলীয় মজিয়াত তীব্ৰ জোকাৰণীৰ সৃষ্টি হৈছে । নাক কটা গৈছে দুৰ্নীতি মুক্ত আৰু স্বচ্ছ প্ৰশাসনৰ ঢাক ঢোল বজোৱা শাসক দলটোৰ ।যাৰ বাবেই শাসক দলৰ এক প্ৰভাৱশালী ৰাজনৈতিক জনপ্ৰতিনিধিয়ে ৰাজনৈতিক ৰক্ষণাবেক্ষণ দি স্পৰ্শকাতৰ কেলেংকাৰীটোৰ নায়ক গেৰুৱা নেতা ভবেশ দলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত প্ৰতিবন্ধক হৈ থিয় দিছিল ।

কিন্তু একাংশ অংশীদাৰী, ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু মিচিং জাতিয় সংগঠনৰ সবল ভূমিকাৰ পৰিপ্ৰেক্ষিতত যোগান বিভাগে এই দুই লুণ্ঠনকাৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ বাধ্য হ'ল ।

একাংশ ভুক্তভোগী ৰাইজ আৰু অংশীদাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ক্ষেত্ৰ বিষয়া মেদকৰ জ্ঞাত সাৰেই এন এফ এছ এ আঁচনিৰ  ভয়ংকৰ অনিয়ম আৰু কেলেংকাৰী সংঘটিত হৈছিল । ক্ষেত্ৰ বিষয়া তথা যোগান পৰিদর্শক গৰাকীয়ে সমবায় সমিতিখনক এই বৃহৎ কেলেংকাৰী মিলাবলৈ কেইবা মাহ সময় দিছিল সমবায় সমিতিখনক।

বিভিন্ন কৌশলপূৰ্ণ সুৰুঙা দেখুৱাই দুৰ্নীতি পৰায়ন সভাপতি ,সচিবক উদ্ধাৰৰ এক ঘৃন্য প্ৰয়াস পৰ্যন্ত চলাইছিল বিষয়াজনে বুলি একাংশ অংশীদাৰীয়ে মুকলিকৈ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। প্ৰশাসন আৰু যোগান বিভাগৰ এনে বিতৰ্কিত আৰু সোপাধিলা ভূমিকাৰ বিপৰীতে কেৱল অংশীদাৰী ৰাইজ আৰু সংগঠনৰ তৎপৰতাত ফাদিল হোৱা এই বৃহৎ চাউল কেলেংকাৰীৰ গোচৰ পঞ্জীয়ন হোৱাৰ পাছত তীব্ৰ কঁপনিৰ সৃষ্টি হৈছে দুৰ্নীতিগ্ৰস্ত চক্ৰটোৰ অভ্যন্তৰত।

 স্মৰ্তব্য যে এই দুই চৰকাৰী আঁচনিৰ অত্যাৱশ্যকীয় সামগ্রী কেলেংকাৰীৰ নায়ক সভাপতি আৰু সচিবৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ ভুক্তভোগী অংশীদাৰী মনোজ কুমাৰ দাৰিকে যোৱা ১জুলাইত দাখিল কৰিছিল। কিন্তু এই এজাহাৰ দিয়াৰ ৪ টা দিন উকলাৰ পাছতো গোচৰ পঞ্জীয়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

ন্যায়কামী ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টোলৈ কৰ্ণপাত নকৰা ঢকুৱাখনা থানাৰ বেপৰোৱা ভূমিকা সন্দৰ্ভত মঙলবাৰে সন্ধিয়া ঢকুৱাখনা থানাত উপস্থিত হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ক্ষুব্ধ ৰাইজে এই সন্দৰ্ভত অভিযোগ কৰি শীঘ্ৰে তেওঁৰ হস্তক্ষেপ কামনা কৰে ।অধীক্ষক মিশ্ৰই তৎকালে "এক্সন" ল'ম বুলি ৰাজহুৱা নিশ্চয়তা দিয়ে ৰাইজ সংগঠনৰ নেতৃত্বক। এতিয়া ৰাইজ আশাবাদী দুৰ্নীতি পৰায়ন কেলেংকাৰীৰ নায়ক সকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াত জিলা আৰক্ষী অধীক্ষক মিশ্ৰৰ হস্তক্ষেপত ঢকুৱাখনা আৰক্ষীয়ে আপোচকামী স্থিতি গ্ৰহণ নকৰিব ।

Also Read: লাম্পী ৰোগত আক্ৰান্ত  নামৰূপৰ বহুতো গো-ধন

Assam police