/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ea95c02b-9410-433a-888a-82956bf4c37f/364.jpg)
ডিজিটেল সংবাদ,দুধনৈ : জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে। লগতে দুধনৈ আৰু কৃষ্ণাই নৈৰ খহনীয়াৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2286d566-fcec-4b49-b307-70e822284c99/ec275a8d-0278-4526-adb6-b1daca9ef636.jpg)
মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ মুজকুৰিত দুধনৈ নৈৰ বাঁও দিশৰ মথাউৰি আৰু বামুণপাৰা ৰাজহ গাঁৱৰ মথাউৰি পৰিদৰ্শন কৰি খহনীয়াৰ বুজ লয়। লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/edc1ccea-9fd1-4469-8f46-5e7ffe73670a/edce0931-206f-41e9-9d15-c14eb335c80e.jpg)
উল্লেখ্য যে গোৱালপাৰা জিলাত মেঘালয়ৰ পাহাৰৰ পৰা হঠাৎ বৈ অহা পানীৰ ঢলে সময়ে সময়ে দুধনৈ আৰু কৃষ্ণাই নৈৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰিছিল। লগতে মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b835e056-f649-41ff-8328-d3d9a2eefbf1/6a7b5e21-3ff3-4476-95f5-5265fa0a27ff.jpg)
মন্ত্ৰী হাজৰীকাই পৰিদৰ্শনকালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নিৰ্মিত মথাউৰিৰ খহনীয়া ৰোধৰ বাবে অতি স্পৰ্শকাতৰ এলেকাসমূহ বাছনি কৰি শীঘ্ৰে জৰুৰী প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰপৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ খাৰিজা মানিকপুৰত উপস্থিত হৈ কৃষ্ণাই নৈৰ ছিগা মথাউৰিয়ে সৃষ্টি কৰা সমস্যাৰ প্ৰত্যক্ষ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ec88a9d4-1305-4374-b9ba-ca0e05ba0699/accc6f9a-ca7a-40d2-b6c9-c7b8737b42ca.jpg)
মইনামতিত কৃষ্ণাই নৈৰ ছিগা মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে তেওঁ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। এই অংশত পূর্বৰে পৰা ছিগি থকা মথাউৰিটো আগন্তুক দিনত নিৰ্মাণ কৰি দিয়াৰ কথা উল্লেখ কৰে ।
ইয়াৰ পাছত মন্ত্ৰী হাজৰীকাই কৃষ্ণাইৰ আৰু ৰিছু বেলপাৰা সংযোগী পথৰ ডাইৰঙত উপস্থিত হৈ কৃষ্ণাই নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা অংশ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইন দি জৰুৰীভাৱে কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bb21970a-f240-43bf-9b5f-3fff2a3e09e7/ad574dbb-6669-4a5f-9aea-52a756297cf0.jpg)
ইফালে আবেলি গুৱাহাটীলৈ ওভতাৰ পথত মন্ত্ৰী হাজৰীকাই কামৰূপ জিলাৰ বকো বেলপাৰাত বকো নৈৰ বাঢ়নী পানীত ক্ষতি হোৱা অংশ পৰিদৰ্শন কৰে । নৈৰ পাৰৰ ছিগা অংশ সোনকালে মেৰামতি কৰি স্থানীয় ৰাইজক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।
Also Read: ডিব্ৰুগড়ত আটছাৰ ছহিদ দিৱস পালন...