ডিব্ৰুগড়ত আটছাৰ ছহিদ দিৱস পালন...

ডিকম চাহ বাগিচাৰ ছহিদ সমাধিস্থলত ৩৬ সংখ্যক ছহিদ দিৱসটি উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত আটছাৰ ছহিদ দিৱস পালন...

ডিজিটেল সংবাদ,চাবুৱা : শুকুৰবাৰে ডিব্ৰুগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদযাপন কৰা হয়। ছাত্ৰ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিকম চাহ বাগিচাৰ ছহিদ সমাধিস্থলত ৩৬ সংখ্যক ছহিদ দিৱসটি উদযাপন কৰা হয়।

Advertisment

এই উপলক্ষে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০০৯ চনত লখিমপুৰত অনুষ্ঠিত ছহিদ দিৱসৰ কাৰ্যসূচী পৰা ঘূৰি আহোঁতে শোণিতপুৰত সংঘটিত হৈছিল ভয়াৱহ পথ দুৰ্ঘটনা।

এই পথ দুৰ্ঘটনাত ডিব্ৰুগড় জিলাৰ আটছা কৰ্মী অজিত মুণ্ডা, নাৰায়ন দাস, বিনন্দ পাতৰ, ছামু পাতৰ আৰু অজয় কুৰ্মী ছহিদ হৈছিল। আজি পাঁচোজন ছহিদৰ প্ৰতি সংগঠনটোৰ সতীৰ্থসকলে ডিকমত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Also Read: চিলাপথাৰত পথ দুৰ্ঘটনা : এজন নিহত

All Assam Tea Tribes Students Union chabua