ভাষাবিদ তথা পণ্ডিত ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনক 'সৰলতাৰ দিন' হিচাপে উদযাপন...

ভাষাবিদ তথা পণ্ডিত ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনক 'সৰলতাৰ দিন' হিচাপে উদযাপন...
ভাষাবিদ তথা পণ্ডিত ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনক 'সৰলতাৰ দিন' হিচাপে উদযাপন...

ডিজিটেল সংবাদ লক্ষীপুৰঃ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনটো আজি বিভিন্ন কাৰ্যসূচীৰে গোৱালপাৰাৰ লক্ষীপুৰ মহাবিদ্যালয়ত 'সৰলতাৰ দিন' হিচাপে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। গুৱাহাটীৰ দগো ৰাংছাং গৱেষণা সমিতিৰ উদ্যোগত আৰু লক্ষীপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত আজিৰ এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

দগো ৰাংছাং গৱেষণা সমিতিৰ সভাপতি ড০ ললিত চন্দ্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখে লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কাশ্যপ বিশ্বাসে। ইয়াৰ পিছতে 'সৰলতাৰ দিন'ৰ তাৎপৰ্য ব্যাখ্যা কৰে গৱেষণা সমিতিৰ সম্পাদক তথা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ অংশুমান দাসে আৰু ড০ উপেন ৰাভা হাকাচামৰ পৰিচয় দাঙি ধৰে লক্ষীপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ শিল্পা হাজৰিকাই।

ইয়াৰ পিছতে "গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সংস্কৃতি" শীৰ্ষক এক বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ দিলীপ কুমাৰ শৰ্মা। শৰ্মাই গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে।

এই অনুষ্ঠানত জন্ম দিনৰ শুভেচ্ছা গ্ৰহণ কৰি ড০ উপেন ৰাভা হাকাচামে ভাষণ প্ৰসংগত তেওঁ সৰলতাৰ মাজেৰে জটিলতাৰ সন্ধান কৰে বুলি উল্লেখ কৰে। জীৱনৰ বিভিন্ন তিঁতা মিঠা অভিজ্ঞতাৰ ৰসাল বৰ্ণনা ড০ হাকাচামে দাঙি ধৰি উপস্থিত সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সমিতিৰ প্ৰাক্তন সঞ্চালক তথা লক্ষীপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাধাচৰণ ৰাভা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথ,গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বৰ্মন আৰু বিশিষ্ট শিশু সাহিত্যিক তিলো সোণোৱাল। সৰলতাৰ দিন উপলক্ষে দগো ৰাংছাং গৱেষণা সমিতিৰ তৰফৰ পৰা এই বেলি পোন প্ৰথমবাৰৰ বাবে শিশু সাহিত্য বঁটা এই অনুষ্ঠানতে প্ৰদান কৰে।

এই বঁটৈা প্ৰদান কৰা হয় বিশিষ্ট শিশু সাহিত্যিক তথা গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰকাশ ৰাভাক। আনহাতে গোৱালপাৰা জিলাৰ দুগৰাকী বিশিষ্ট ব্যক্তি খগেন্দ্ৰ নাৰায়ণ বাৰ্চুং আৰু ছামছুল হকৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পুত্ৰক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত অনুষ্ঠানত ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ গীতিকা দাসৰ 'সংস্কৃতি সাহিত্য বীথিকা', শিশু সাহিত্যিক তিলো সোণোৱালৰ 'নতুন কিশোৰ', লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কাশ্যপ বিশ্বাসৰ 'এন এনালাইছিছ অৱ কালচাৰেল ক্লাছেছ ইন অৰুণ যোশীচ নভেল', দগো ৰাংছাং গৱেষণা পত্ৰিকাকে ধৰি কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। ইফালে এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত লক্ষীপুৰ মহাবিদ্যালয়ৰ পুথিভঁৰালত এটি বুক বেংক আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ড০ উপেন ৰাভা হাকাচামে।

ভাষাবিদ তথা পণ্ডিত ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনক 'সৰলতাৰ দিন' হিচাপে উদযাপন...
চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থানান্তৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰীক ভগৱান আখ্যাৰে দাবী মানি ল'বলৈ প্ৰাৰ্থনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in