/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ffaa2046-b716-4625-bd87-324119b38860/dhemaji_2.jpg)
চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থানান্তৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰীক ভগৱান আখ্যাৰে দাবী মানি ল'বলৈ প্ৰাৰ্থনা
ডিজিটেল সংবাদ ধেমাজিঃ বৃহত্তৰ চিচিবৰগাঁওবাসী ৰাইজৰ কুৰি বছৰীয়া সংগ্ৰামৰ অন্তত নিৰ্বাচন আয়োগে নতুনকৈ ঘোষণা কৰা ধেমাজি জিলাখনৰ তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰগাঁও সমষ্টিটো জিলাখনৰ গৰিষ্ঠ সংখ্যক অজনজাতীয় ৰাইজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সংৰক্ষণমুক্ত হিচাপে লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অলপতে অসম চৰকাৰে চিচিবৰগাঁও সমষ্টিক উপ-জিলা হিচাপে ঘোষণা কৰিছে।
কিন্তু শেহতীয়াকৈ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ ষড়যন্ত্ৰৰ বাবে উপ -জিলাৰ মুখ্য কাৰ্য্যালয়টো চিচিবৰগাঁওত স্থাপন হোৱাত বাধা প্ৰদানৰ এক গুৰুতৰ অভিযোগ উথাপন হৈছে ৷ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ এনে নিকৃষ্ট ষড়যন্ত্ৰৰ কাৰ্যই চিচিবৰগাঁও অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/191341f7-54c5-4a32-960c-3d9211e8f433/56a50852_e114_4d28_84c5_2b10c47aaec4.jpg)
চিচিবৰগাওঁ সমষ্টিটোৰ উপ-জিলাৰ প্ৰাণকেন্দ্ৰ হোৱা লগতে চিচিবৰগাঁৱত প্ৰয়োজনীয় ভূমি থকাৰ পিছতো মুখ্য কাৰ্যালয় স্থাপন নকৰি সম্পূৰ্ণ নীতিবৰ্হিভূতভাৱে সমষ্টিৰ একেবাৰে শেষ সীমা চিলাপথাৰত স্থাপন কৰিবলৈ চক্ৰান্ত কৰাৰ গুৰুতৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰী ৰাইজে ৷ মঙ্গলবাৰে চিচিবৰগাঁও ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত শতাধিক ৰাইজে হাতে হাতে বেনাৰ,পোষ্টাৰ, প্লে'ৰ্কাড লৈ সাংসদ প্ৰদান বৰুৱা মুৰ্দাবাদ , বিধায়ক ভূৱন পেগু মুৰ্দাবাদ, চিচিবৰগাঁওত উপ-জিলাৰ মুখ্য কাৰ্যালয় লাগিবই, সাংসদ প্ৰদান বৰুৱা-বিধায়ক ভূৱন পেগুৰ ষড়যন্ত্ৰ নচলিব ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদীথলী উত্তাল কৰি তোলে ৷
ইফালে উপ -জিলাৰ মুখ্য কাৰ্য্যালয় সমূহ চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত চিচিবৰগাঁও উপ -জিলা কাৰ্য্যালয় দাবী সমিতিৰ উদ্যোগত যোৱা ৩০ ডিচেম্বৰ পৰাই ধাৰাবাহিকভাৱে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অনির্দিষ্টকালীনভাৱে অৱস্থান ধৰ্মঘট, ধৰ্ণা, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ চিচিবৰগাঁওকে ধৰি মাছখোৱা, পশ্চিম ধেমাজি আদি সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰতিবাদী ৰাইজে প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/283f8e4f-6b74-45f3-ada3-aa081f9a1f38/2850c8ae_6a5f_407f_9112_140cc5d37fe2.jpg)
কাৰ্য্যসূচীৰ শেষত চিচিবৰগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ডিম্বেশ্বৰ চুতীয়া আৰু সম্পাদক ৰূপেশ্বৰ শইকীয়া দ্বাৰা স্বাক্ষৰিত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয়ৰ দাবীসম্বলীত এখনি স্মাৰকপত্ৰ প্ৰতিবাদকাৰীসকলে ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ধেমাজি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে ৷ ইফালে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীক অসমৰ ভগৱান আখ্যাৰে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকৰ এই দাবী মানি লয়।
Also Read: জীৱনৰ বিয়লি বেলাত আত্মহত্যা বৃদ্ধাৰঃ ঘটনাক লৈ ৰহস্য...