
ডিজিটেল সংবাদ নামৰূপঃ ''বি ভি এফ চি এলৰ ভৱিষ্যতক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই। বি ভি এফ চি এলে ক্ৰমে দেশৰ সাৰ উদ্যোগ ক্ষেত্ৰখনৰ ভিতৰত এটা ব্ৰেণ্ড কোম্পানীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।'' শনিবাৰে বি ভি এফ চি এলৰ বিহু সন্মিলনত সন্ধ্যা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰ ভাষণত উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে এই দৰে কয়।
মুখ্য অতিথিৰ ভাষণত ড০ মহান্তিয়ে কয় যে, বি ভি এফ চি এলৰ পূর্বৰ স্থিতি সলনি হৈছে। বিগত বিত্তীয় বৰ্ষত বি ভি এফ চি এলে বিত্তীয় আৰু উৎপাদন ক্ষেত্ৰত নিৰ্ধাৰণ কৰা লক্ষ্য অতিক্ৰম কৰিছে। চলিত বিত্তীয় বৰ্ষৰ বাবে ১৫০০/১৮০০ কোটি টকাৰ টাৰ্ন অভাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুকলি সভাৰ ভাষণত ব্যক্ত কৰে।
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্যোগটোৰ সমস্য সমূহক অতি গম্ভীৰতাৰে লৈ সমাধান কৰিবলৈ লোৱা প্ৰচেষ্টাক শলাগ লৈ কয় যে, অসম চৰকাৰে উদ্যোগটোৰ আবাসী এলেকাৰ বাট পথ নিৰ্মাণ, চিকিৎসালয় নিৰ্মাণ কৰি উদ্যোগটোৰ আন্তঃগাঁথনি উন্নত কৰিছে। সম্প্ৰতি বি ভি এফ চি এলে ক্ৰমে দেশৰ সাৰ উদ্যোগ ক্ষেত্ৰখনত আগশাৰীৰ কোম্পানীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি ৰাইজক আশ্বস্ত কৰে।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ড০ অনিল শইকীয়া। নিৰ্দিষ্ট বক্তাৰ ভাষণত ড০ শইকীয়াই চ'ত বিহু, গছ তলৰ বিহু, হুচৰিৰ জন্ম , মঞ্চ বিহুৰ প্ৰয়োজনীয়তা, বিহু নাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উদযাপন সমিতিৰ সভাপতি পংকজ গগৈয়ে সভাপতিত্ব কৰা মুকলি সভাখনত ব্ৰহ্মপুত্ৰ ভেলি ফার্টিলাইজাৰ কৰ্পৰেশ্যনৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীৰ উপস্থিতিত স্মৃতি গ্ৰন্থ 'ব্ৰহ্মপুত্ৰ ২০২৩' উন্মোচন কৰে উদ্যোগটোৰ অধ্যক্ষ ড০ মহান্তিয়ে।
বি ভি এফ চি এলে ১২ আৰু ১৩ মে'ত দুদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহু সন্মিলনখনি সাৰনগৰী ৰাজহুৱা বিহু মণ্ডপত অনুষ্ঠিত সন্মিলনখনিৰ শুকুৰবাৰে পুৱা ৯ বজাত অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শিৱপ্ৰসাদ মহান্তিয়ে বি ভি এফ চি এলৰ পতাকা আৰু মুখ্য প্রশাসনিক বিষয়া তথা উদযাপন সমিতিৰ সভাপতি পংকজ কুমাৰ গগৈয়ে বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে।
শ্বহীদ তৰ্পণ কৰে সন্মিলনৰ সাধাৰণ সম্পাদক মণ্ডলীয়ে। ইয়াৰ পাছতে শিৱপ্ৰসাদ মহান্তিয়ে বৃক্ষৰোপণ আৰু অসমীয়া লোক সংস্কৃতিৰ পৰম্পৰাগত সাজ-পাৰ, পিঠা-পনা, খাদ্য আদিৰ প্ৰদৰ্শনী উদ্বোধন কৰে। দুপৰীয়া ক্ৰমে কণী যুঁজ, হুঁচৰি, জেংবিহু, বিহু নাচ প্রতিযোগিতা আদি অনুষ্ঠিত হয়। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে।