গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...

গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...

গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ ছয়গাঁওঃ গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি 'অসমীয়া সাহিত্যৰ আধুনিক ধাৰা' শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথে।

Advertisment

অনুষ্ঠানটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বৰ্মনে আৰু সভাপতিত্ব কৰে বিভাগীয় প্ৰধান অধ্যাপক ড০ ভানু বেজবৰা কলিতাই। অসমীয়া সাহিত্যৰ আধুনিক ধাৰা বিষয়টোৰ কবিতা, নাটক, উপন্যাস আৰু চুটিগল্প, এই চাৰিটা শিতানত বিশ্বযুদ্ধৰ পৰৱৰ্তী কালৰে পৰা সাম্প্ৰতিক সময়লৈকে সাহিত্যৰ প্ৰতিটো শাখাতেই প্ৰকাশ লাভ কৰা প্ৰতীকবাদ, চিত্তকল্পবাদ, বাস্তৱবাদ, অধিবাস্তববাদ, আধুনিকতাবাদ, উত্তৰাধুনিকতাবাদ প্ৰভৃতি বিভিন্ন বাদ-বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি ড০ নাথে কবিতা, চুটিগল্প, নাটক আৰু উপন্যাসৰ আধুনিক কালছোৱাত লাভ কৰা বিবিধ বাদ-দৰ্শনে সাহিত্যৰ বিভিন্ন ধাৰাবোৰ প্ৰকাশ কৰাত কেনেদৰে অৰিহণা যোগাইছিল সেই বিষয়ে তথ্যসহকাৰে দাঙি ধৰে।

বিশেষকৈ তেওঁ ডাৰউইনৰ বিৱৰ্তনবাদ, আইনষ্টাইনৰ আপেক্ষিকতাবাদ, ফ্ৰয়দৰ মনস্তাত্বিক বিশ্লেষণ, মাৰ্ক্সৰ দান্দিক বস্তুবাদ আৰু চাৰ্তৰ অৱস্থিতিবাদৰ ওপৰত বিশেষ গুৰুত্ব দি বক্তব্য ৰাখে।

Also Read: ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...

গোৱালপাৰা মহাবিদ্যালয়