মাকুম পথাৰৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে উৎসৰ্গিত কৰিলে এখন এম্বুলেঞ্চ...

মাকুম পথাৰৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে উৎসৰ্গিত কৰিলে এখন এম্বুলেঞ্চ...

author-image
Asomiya Pratidin
New Update
মাকুম পথাৰৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে উৎসৰ্গিত কৰিলে এখন এম্বুলেঞ্চ...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ সমাজলৈ আদৰ্শ বাৰ্তা কঢ়িয়াই দেওবাৰে বৃহত্তৰ মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন ২০২৩, ৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাৰ্থে এখন এম্বুলেঞ্চ সেৱা আগবঢ়ায়। মাৰ্ঘেৰিটা মাকুম পথাৰ পাইনিয়াৰ খেল পথাৰত অনুষ্ঠিত হৈ যোৱা ৰঙালী বিহু উদযাপন সমিতিৰ ৰাহি হোৱা ধনেৰে মাৰুতি ই'ক এম্বুলেঞ্চ ক্ৰয় কৰি আজিৰে পৰা বৃহত্তৰ মাকুম পথাৰবাসীৰ লগতে মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ বাবে এই সেৱা মুকলি কৰি দিয়া হয়।

Advertisment

এই উপলক্ষে মাৰ্ঘেৰিটা পাইনিয়াৰ খেল পথাৰত সঞ্জীৱ বড়াৰ সভাপতিত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে পাপু দত্তই। এই সভাতেই বিশিষ্ট উদ্যোপতি এছ কে চবৌ, বিশিষ্ট সমাজকৰ্মী জ্যোতিষ ৰায়, ভকত শৰৎ গগৈ, সূৰ্য্য গগৈ শিক্ষয়িত্ৰী এলিনা বেগমৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

মুকলি সভাৰ পাছতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে চি দাসে ফিটা কাটি ৰাইজৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি কৰে। বিহু উদযাপন সমিতিয়ে লোৱা এই সিদ্ধান্তক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।

Also Read: নাই কোনো বিজ্ঞান সন্মত পৰিকল্পনা, নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান বোকাখাতত...

ambulance