জোনালী নাথৰ হত্যাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ...

জোনালী নাথৰ হত্যাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

author-image
Asomiya Pratidin
New Update
জোনালী নাথৰ হত্যাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ জোনালী নাথৰ হত্যাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । শনিবাৰে অভিযুক্ত আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে । মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তগৰাকীক ।

Advertisment

মূল অভিযুক্ত হাছানুৰে জেৰাত আজিবৰৰ নাম উল্লেখ কৰিছিল। আজিবৰৰ সহযোগত হাছানুৰে জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত এখন মটৰচাইকেলৰ সহায়ত পলায়ন কৰিছিল অভিযুক্তগৰাকীয়ে । আৰক্ষীৰ পৰা সাৰিবলৈ নদীত জাপ দিছিল আজিবৰে ।

অভিযুক্ত আজিবৰ ৰহমানৰ বিৰুদ্ধে পূৰ্বেও বহু গোচৰ ৰুজু হৈ আছে । কিছু সময়ৰ পিছতেই আজিবুৰক আদালতত হাজিৰ কৰোৱা হ'ব । হাছানুৰ আৰু আজিবৰ দুয়ো মিলি কাঠৰ টুকুৰাৰে মূৰত প্ৰচণ্ড আঘাট কৰি বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অভিযুক্ত হাছানুৰে । উল্লেখ্য যে ১২ জুনত জোনালী নাথৰ মৃতদেহ কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল।

Also Read: বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাঃ এজনক আটক...

murder jonali nath