বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাঃ এজনক আটক...

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাঃ এজনক আটক...
বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাঃ এজনক আটক...

ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে। মাটিয়াৰ পৰা আৰক্ষীয়ে আটক কৰিছে লোকজনক। ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে সোধপোছ।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ সক্ৰিয় বিজেপি কৰ্মী জোনালী নাথ নামৰ মহিলাগৰাকীৰ মৃতদেহ নিশা কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল।

স্থানীয় লোকে সন্দেহ কৰিছে মহিলাগৰাকীক দুৰ্বৃত্তই ধৰ্ষণ আৰু হত্যা কৰি এইদৰে ৰাজপথত পেলাই থৈ গৈছে। পৰৱৰ্তী সময়ত নিশাই কৃষ্ণাই আৰক্ষীয়ে জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়।

এই পৰ্যন্ত তেওঁক কোনে এইদৰে হত্যা কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই। জিলা বিজেপি নেতৃত্বই এই ঘটনাৰ সঠিক তদন্তৰে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে। জোনালী নাথ গোৱালপাৰা জিলাৰ বিজেপিৰ সম্পাদিকা পদত আছিল।

তেওঁৰ ঘৰ জিলাখনৰ মাটিয়াত। বৰ্তমান জোনালী নাথৰ মৃতদেহ গোৱালপাৰা চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে।

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাঃ এজনক আটক...
বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in