গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত মুখামুখি সংঘৰ্ষ : নিহত অমৰ থাপাসহ ২ ডকাইত

অমৰ থাপা নিহত হোৱাৰ খবৰ বিয়পি পৰাত গোৱালপাৰা আৰু কামৰূপ জিলাকে ধৰি মেঘালয়ত স্বস্তিৰ নিশ্বাস এৰা পৰিলক্ষিত হৈছে।
গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত মুখামুখি সংঘৰ্ষ : নিহত অমৰ থাপাসহ ২ ডকাইত

ডিজিটেল সংবাদ,গোৱালপাৰা : গোৱালপাৰা জিলাৰ আগিয়াত সোমবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষত দুটা ডকাইত নিহত হয়।

নিহত দুজনৰ ভিতৰত এজন মোষ্ট ৱাণ্টেড ডকাইত অমৰ থাপা আনজন শ্বেখ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। নিহত ডকাইত দুজনৰ পৰা সজীৱ গুলীসহ ২টা পিষ্টল আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে।

আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে জানিব দিয়ামতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ বাবে ডকাইতৰ দল এটাই খাপ পিটি থকাৰ গোপন খবৰ পায়। জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত আগিয়া আৰক্ষীৰ দল এটাই ৰাজপথত ডকাইতৰ দলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে ডকাইতৰ দলটোত দুৰ্ধৰ্ষ অমৰ থাপা থকা বুলিও নিশ্চিত খবৰ লাভ কৰিছিল। সেইমৰ্মে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা গাড়ীখন আৰক্ষীয়ে সতৰ্কতাৰে অনুসৰণ কৰে। এনে অৱস্থাত ডকাইতৰ দলটোৱে আৰক্ষীক দেখি গুলীচালনা কৰাত গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ স্কৰপিঅ' বাহনত গুলী লাগে।

প্ৰত্যুত্তৰত আৰক্ষীয়েও ডকাইতৰ‌ দলটোলৈ গুলীচালনা কৰে। আৰক্ষীৰ গাড়ীয়ে ডকাইতৰ গাড়ীখনক প্ৰচণ্ডভাৱে খুন্দিওৱাত ডকাইতৰ‌ দলটোৱে গাড়ীৰ পৰা নামি জংঘললৈ পলায়ন কৰাৰ চেষ্টা চলায়।

প্ৰায় ২০ মিনিট সময় ধৰি আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত গুলীয়াগুলী চলে। আৰক্ষীৰ‌ গুলীত অমৰ থাপাসহ শ্বেখ ফৰিদুল ইছলাম গুৰুতৰভাৱে আহত হয়।দুয়োকে সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়ত অনা হয়। কিন্তু চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

দুয়ো থিতাতে নিহত হোৱা বুলি সন্দেহ কৰা হৈছে। ইপিনে নিশা জংঘলত আন ডকাইত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে নিশাই জংঘলত অভিযান চলাই যদিও আন কোনো ডকাইতক কৰায়ত্ত কৰা‌ বা নিহত কৰাৰ খবৰ লাভ কৰা নাই। সংঘৰ্ষত আৰক্ষীৰ স্কৰপিঅ' বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সংঘৰ্ষৰ সময়ত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস আহত হৈছে।

আহত আৰক্ষী বিষয়াজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ অন্তত তেওঁ নিৰাপদ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা নিশাই ৰিলিজ কৰা হৈছে। প্ৰথম অৱস্থাত আৰক্ষী বিষয়াগৰাকী বাঁও ভৰিত গুলিবিদ্ধ হোৱা বুলি খবৰ লাভ কৰা হৈছিল যদিও বিষয়াগৰাকী ডকাইতৰ গুলীত আহত হোৱা নাই বুলি আৰক্ষী অধীক্ষকে নিশাই স্পষ্ট কৰে।

উল্লেখযোগ্য যে কুখ্যাত ডকাইত অমৰ থাপাই অসম আৰু মেঘালয় আৰক্ষীৰ দীৰ্ঘদিন ধৰি নিদ্ৰাহৰণ কৰি আহিছিল। গোৱালপাৰা আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰা এইজন কুখ্যাত ডকাইতে কাৰাগাৰৰ পৰা ওলাই পুনৰ ধনদাবী,অপহৰণ আৰু ডকাইতি‌ কাণ্ডত লিপ্ত হৈ পৰে।

আৰক্ষী অধীক্ষকে সদৰি কৰামতে নিহত অমৰ থাপাৰ বিৰুদ্ধে ৰংজুলি,আগিয়া আৰু গোৱালপাৰাৰ বিভিন্ন থানাত পূৰ্বতে কেইবাটাও বিভিন্ন অপৰাধৰ গোচৰ ৰুজু কৰা আছে। অকল‌ গোৱালপাৰা আৰক্ষীৰে নহয় কামৰূপ আৰু কাষৰীয়া মেঘালয় ৰাজ্যৰ আৰক্ষীৰ মূৰৰ কামোৰণিও আছিল অমৰ থাপা।

অমৰ থাপা নিহত হোৱাৰ খবৰ বিয়পি পৰাত গোৱালপাৰা আৰু কামৰূপ জিলাকে ধৰি মেঘালয়ত স্বস্তিৰ নিশ্বাস এৰা পৰিলক্ষিত হৈছে। অমৰ থাপা নিহত হোৱাৰ খবৰত নিশাই গোৱালপাৰা আৰক্ষীক একাংশ ৰাইজে ধন্যবাদ জনায়।

উল্লেখ্য যে,প্ৰায় ডেৰ/দুমাহ পূৰ্বৰে পৰা গোৱালপাৰা আৰক্ষীয়ে অমৰ থাপাক বিশেষ নজৰত ৰাখিছিল। অৱশেষত সোমবাৰে নিশা গোৱালপাৰা আৰক্ষীৰ গুলীত দুৰ্ধৰ্ষ অমৰ‌ থাপা নিহত হয় আৰু জিলাখনত অমৰ থাপাৰ সন্ত্ৰাসৰ ওৰ পৰে।

গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত মুখামুখি সংঘৰ্ষ : নিহত অমৰ থাপাসহ ২ ডকাইত
চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজে নিৰ্মাণ কৰিলে এটি পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in