চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজে নিৰ্মাণ কৰিলে এটি পথ

চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজে নিৰ্মাণ কৰিলে এটি পথ

ডিজিটেল সেৱা,কঠীয়াতলী : চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ এজন লোকে নিৰ্মাণ কৰিলে এটা পথ ৷ চৰকাৰৰ অমনোযোগিতা আৰু জনপ্ৰতিনিধিৰ গাফিলতিৰ বাবে বিগত ৪০ বছৰে এটা পথৰ বাবে হাৰাশাস্তি ভুগি আহিছে কঠিয়াতলী ৰাঙলু গাঁৱৰ ৰাইজে ৷

স্থানীয় একাংশ ৰাইজৰ অভিযোগ যে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাঙলু গাঁৱলৈ যোৱা ২ কিলোমিটাৰ পথটি নিৰ্মাণ কৰিবলৈ বিগত ৪০ বছৰে সময় নাপালে চৰকাৰ, বিধায়ক তথা স্থানীয় পঞ্চায়তে ৷ বাৰিষা একাঁঠু পৰ্যন্ত বোকাৰ মাজেৰে অহা-যোৱা কৰিব লাগে গাঁওবাসীয়ে ৷

যাৰ বাবে কাৰো সহায় নোলোৱাকৈ নিজৰ গাঠিৰ ধন ভাঙি মহম্মদ হজৰত আলী নামৰ লোকজনে নিৰ্মাণ কৰিছে এটি পথ ৷ মাটি আৰু শিল পেলাই বৰ্তমান অহা-যোৱা কৰিব পৰাকৈ ব্যৱস্থা কৰি দিছে লোকজনে ৷ লোকজনৰ আহ্বান চৰকাৰ তথা বিধায়ক জিতু গোস্বামীলৈ; অলপ যদি সহায় কৰে তেন্তে পথটো পকীকৰণ কৰিব তেওঁ ৷

চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই নিজে নিৰ্মাণ কৰিলে এটি পথ
মথুৰাপুৰৰ ধৰ্মপ্ৰাণ মহিলা অণু বৰঠাকুৰৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in