গোৱালপাৰাত কৰ্তব্যৰত APDCLৰ কৰ্মচাৰীক আক্রমণৰ ঘটনা

নিশা গোৱালপাৰাৰ শিমলীতোলাত চাঞ্চল্যকৰ ঘটনা। কৰ্তব্যৰত এ পি ডি চি এলৰ কৰ্মচাৰীক আক্রমণ কৰে একাংশ যুৱকে।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অগ্ৰণী খবৰ

ডিজিটেল ডেস্কঃ নিশা গোৱালপাৰাৰ শিমলীতোলাত চাঞ্চল্যকৰ ঘটনা। কৰ্তব্যৰত এ পি ডি চি এলৰ কৰ্মচাৰীক আক্রমণ কৰে একাংশ যুৱকে। যুৱককেইজনে কৰ্মচাৰীগৰাকীৰ পৰা কাঢ়ি লৈ যায় ৫১ হাজাৰ টকাসহ ২টা মোবাইল।

Advertisment

ব্যাহত হৈ থকা বিদ্যুৎ সেৱা প্রৱৰ্তনৰ বাবে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। গাড়ী ৰখাই একাংশ যুৱকে কৰ্মচাৰীকেইজনক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য আহত কৰ্মচাৰীকেইজন ক্ৰমে লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম আৰু ৰবিউল হুছেইন।

জানিব পৰা অনুসৰি আক্রমণকাৰীকেইজনৰ নাম ৰফিকুল খান, জয়দেৱ দাস, মৃদুল মেধি আৰু অমিতাভ মেধি। আটাইকেইজনৰ বিৰুদ্ধে আৰক্ষী চকীত ইতিমধ্যেই এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে এ পি ডি চি এলৰ শীৰ্ষ বিষয়াই।

Also Read: আজি ৰাণাদাৰ ওপজা দিন...

apdcl