গোৱালপাৰা আৰক্ষীৰ ড্রাগছৰ বিৰুদ্ধে অভিযান

গোৱালপাৰা আৰক্ষীৰ ড্রাগছৰ বিৰুদ্ধে অভিযান

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

ডিজিটেল ডেস্ক : গোৱালপাৰা আৰক্ষীৰ ড্রাগছৰ বিৰুদ্ধে অভিযান অৱ্যাহত আছে। এই অভিযানত ড্রাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। জানিব পৰামতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পৰা ড্ৰাগছখিনি জব্দ কৰে।

Advertisment

আনহাতে আৰক্ষীয়ে আটক কৰা ধৃত সৰবৰাহকাৰীজনৰ নাম জুবিন চৌধুৰী বুলি জানিবলৈ দিয়ে। ধৃত জুবিনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৭.৫১ গ্রাম হেৰ’ইন।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্রাগছৰ বেহা চলাই আহিছিল জুবিন চৌধুৰীয়ে।জুবিনৰ স্বীকাৰোক্তিৰ ভিত্তিত ৫৯টা কণ্টেইনাৰসহ এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰে।

বাপুজীনগৰৰ পৰা আটক কৰা ধৃত মহিলাগৰাকীৰ স্বামী ফিৰোজ আখতাৰো জড়িত ড্রাগছৰ বেহাত। মহিলাগৰাকীৰ স্বামী সম্প্রতি পলায়ন কৰা বুলি এক সূত্ৰত প্ৰকাশ।

Also Read: নিৰ্মীয়মাণ দলং খহি ১জন শ্ৰমিক নিহত : ধ্বংসস্তূপত আৱদ্ধ কেইবাগৰাকী

Assam police