নিৰ্মীয়মাণ দলং খহি ১জন শ্ৰমিক নিহত : ধ্বংসস্তূপত আৱদ্ধ কেইবাগৰাকী

ইতিমধ্যে আৰক্ষী তথা প্ৰশাসনৰ সহযোগত ধ্বংশস্তূপত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অৱ্যাহত আছে
নিৰ্মীয়মাণ দলং খহি ১জন শ্ৰমিক নিহত : ধ্বংসস্তূপত আৱদ্ধ কেইবাগৰাকী

ডিজিটেল ডেস্ক : ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মীয়মাণ দলং খহি পৰি ধ্বংসস্তূপত প্ৰায় ১৬ গৰাকীৰো অধিক শ্ৰমিক আৱদ্ধ হৈ পৰে। শুকুৰবাৰে পুৱাৰভাগত বিহাৰত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনাত এগৰাকী শ্ৰমিক নিহত হোৱাৰ উপৰি ৯গৰাকী গুৰুতৰভাৱে আহত হৈছে। ইয়াৰোপৰি ৩০ গৰাকীৰো অধিক শ্ৰমিক আৱদ্ধ হৈ থকা বুলি জিলা দণ্ডাধীশ কৌশল কুমাৰে জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষী তথা প্ৰশাসনৰ সহযোগত ধ্বংশস্তূপত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অৱ্যাহত আছে। আনহাতে আহত শ্ৰমিকসকলক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিছে।

দলং নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৱে ক্ৰেইনৰ সহায়ত দলংখনৰ খহি পৰা ভগ্ন অংশ আঁতৰাবলৈ চেষ্টা চলাই আছে। ইফালে এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্বাৰ কাৰ্য চলাই আছে।

অৱশ্যে ঘটনা সংঘটিত হোৱাৰ কিছু পলমকৈ উদ্ধাৰকাৰী দল উপস্থিত হোৱাত একাংশ লোকে চেপা উত্তেজনাৰ সৃষ্টি কৰে। কিন্তু আৰক্ষীয়ে সেই পৰিস্থিতি চম্ভালিবলৈ সক্ষম হোৱাৰ লগতে স্থানীয় ৰাইজক আৰক্ষী-প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মীয়মাণ দলঙখনৰ ব্যয় হৈছে ১২০০ কোটি টকা।

নিৰ্মীয়মাণ দলং খহি ১জন শ্ৰমিক নিহত : ধ্বংসস্তূপত আৱদ্ধ কেইবাগৰাকী
আপৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই যোগদান কৰিলে বিজেপিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in