/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2fb2b52d-22ff-4fa5-8c9c-832f92846746/menk.jpg)
ডিজিটেল ডেস্কঃ গোৱালপাৰাত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। চোৰৰ সন্দেহত এজনক লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশই। শোলমাৰী কল্যাণপুৰত সংঘটিত হৈছে এই ঘটনা।
নিহত লোকজনৰ নাম ছেংছাং মাৰাক বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি চুৰি কৰাৰ সন্দেহত ওৰে নিশা লোকজনক নিৰ্যাতন চলাই একাংশলোকে। তাৰ পাছতে মঙলবাৰে পুৱা উদ্ধাৰ হয় লোকজনৰ মৃতদেহ।
পত্নীৰ ভাষ্য অনুসৰি নিশা দোকানলৈ সামগ্রী আনিবলৈ গৈছিল লোকজন। তাৰপাছৰ পৰা সন্ধানহীন হৈ আছিল। অৱশেষত আজি পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ খহনীয়া, শংকিত স্থানীয় ৰাইজ...