গোৱালপাৰাত তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰিলে ছাত্ৰীক !

গোৱালপাৰাত তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰিলে ছাত্ৰীক !

author-image
Asomiya Pratidin
New Update
কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ...

গোৱালপাৰাত তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰিলে ছাত্ৰীক !

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণ কাণ্ড। গোৱালপাৰা জিলাৰ ফৰেষ্ট গে'টত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি ফৰেষ্ট গে'টৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰী বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে তিনি যুৱকে পথৰ পৰাই মুখত সোপা দি এখন বাহনত অপহৰণ কৰি নিয়ে।

Advertisment

সোমবাৰে ২ বজাৰ পৰিৱৰ্তে ১ বজাতেই বিদ্যালয় ছুটি হোৱাত ছাত্ৰীগৰাকীয়ে অকলেই খোজকাঢ়ি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। তিনিও যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি গাড়ীৰ ভিতৰতে যৌন উৎপীড়ন চলাই।

পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক নিচা জাতীয় দ্ৰৱ্য সেৱন কৰাই ফৰেষ্ট গে'টৰ কাষত তেওঁক পেলাই থৈ যায়। ইফালে গাড়ীৰ ভিতৰত উৎপীড়ন চলোৱাৰ সময়ত কিশোৰী গৰাকীৰ ডিঙি চেপি ধৰিছিল বুলিও জানিবলৈ দিছে।

কিশোৰীগৰাকীৰ ডিঙত নখৰ স্পষ্ট চিন আছে। সন্ধিয়া কিশোৰীগৰাকী আহি স্বগৃহত উপস্থিত হৈ সমগ্ৰ ঘটনা বিৱৰি কয়। অভিযোগ অনুসৰি এই তিনি পাষণ্ডৰ ভিতৰত দুজনৰ নাম আলিমুদ্দিন আৰু ফুনচান্দ।

এই দুয়ো যুৱক কিশোৰীগৰাকীৰ একেটা অঞ্চলৰে বুলি জানিব পৰা গৈছে। আনহাতে তেওঁলোকৰ লগত আৰু এজন অচিনাক্ত যুৱক থকাৰ কথাও প্ৰকাশ কৰিছে।

কিশোৰীগৰাকীক গোৱালপাৰা চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত গোৱালপাৰা সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ ভাষ্যৰ আধাৰত তদন্ত আৰম্ভ কৰিছে।

Also Read: নেৰানেপেৰা বৰষুণত ঘৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ...

অপৰাধ