/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/jq0fzzp2/conclave-web-1-1.jpg)
সংবাদ মাধ্যমৰো জলবায়ু পৰিবৰ্তন হৈছে !
ডিজিটেল ডেস্কঃ 'দ্য অশোক'ত অনুষ্ঠিত হৈ থকা 'দ্য কনক্লেভ-২০২৪' ৰ দ্বিতীয় দিনটোত সাম্প্ৰতিক পৰিস্থিতিত অতি গুৰুত্বপূৰ্ণ হৈ উঠা সংবাদ মাধ্যমৰ ভূমিকা, প্ৰত্যাহ্বান আদিৰ সন্দৰ্ভত এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়। ব্ৰেকিং নিউজৰ দ্বাৰা চাঞ্চল্য সৃষ্টি কৰি সংবাদ মাধ্যমে কেনেকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে দায়িত্ব পালন কৰিব পাৰিব সেই সন্দৰ্ভত অনুষ্ঠিত হোৱা এই আলোচনাত প্ৰসিদ্ধ ৰাজনৈতিক কৰ্মী তথা স্বৰাজ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক যোগেন্দ্ৰ যাদৱ, শ্বিলং টাইমছৰ সম্পাদক পেট্ৰিচিয়া মুখিম, 4PM NEWS ৰ সম্পাদক সঞ্জয় শৰ্মা আৰু ইষ্ট মোজোৰ মুখ্য সম্পাদক কৰ্মা পালজোৰে অংশগ্ৰহণ কৰে।
নন্দিনীৰ সম্পাদক মাইনী মহন্তই আঁত ধৰা এই অনুষ্ঠানত সমল ব্যক্তিসকলে আগবঢ়োৱা ব্যাখ্যা আছিল অতি গৰুত্বপূৰ্ণ। ব্ৰেকিং নিউজৰ বাহিৰত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত ক’বলৈ গৈ যোগেন্দ্ৰ যাদৱে নিজকে এগৰাকী সংবাদ কৰ্মী নহয় বুলি স্বীকাৰ কৰি কয়, বৰ্তমানৰ পৰিবেশত সংবাদ মাধ্যমৰ ভূমিকাক সমালোচনা কৰে।
তেওঁ ব্ৰেকিং নিউজক “breaking heads বুলি উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে সংবাদ মাধ্যমসমূহৰ মাজত সৃষ্টি হোৱা বিবাদ, বিভাজনৰ কথাও সোঁৱৰাই দিয়ে বুলি কয়। যাদৱে কয় আজিৰ সংবাদ মাধ্যমে প্ৰায়ে ভুল তথ্য প্ৰচাৰ কৰে। সংবাদ মাধ্যমে ভালকৈয়ে জানে তেওঁলোকে কি কৰি আছে কিন্তু তাৰ পাছতো বিভাজনমূলক কাৰ্যসূচীকেই অনুসৰণ কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/giawnia1/b1c8a749-7753-4232-a0d2-fe5b5ec56294.jpg)
তেওঁ ছহিদ ভগত সিঙৰ উদ্ধৃতিৰে কয়, তেওঁলোকৰ কাম আছিল ৰাষ্ট্ৰক একত্ৰিত কৰা কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকে ইয়াক বিভিন্ন ভাগত ভাগ কৰিছে। আজিৰ পৰিস্থিতিত সংবাদ মাধ্যমৰ ভূমিকাক যাদৱে স্বাধীনতা সংগ্ৰামীগৰাকীৰ সেই উক্তিৰেই বৰ্ণনা কৰে।
তাৰোপৰি তেওঁ ২০১৪ ৰ পাছত সংবাদ মাধ্যমৰ ওপৰত হোৱা হস্তক্ষেপৰ কথাও আলোচনা কৰে। তেওঁ সংবাদ মাধ্যমক সতৰ্ক কৰি দি কয় যে, শাসকীয় পক্ষৰ সৈতে খোজ মিলাই বিৰোধী দলক আক্ৰমণ কৰাৰ একাংশ সংবাদ মাধ্যমৰ যি প্ৰৱণতা গঢ় লৈ উঠিছে সেই প্ৰৱণতাই ভৱিষ্যত চৰকাৰৰ বাবে এক বিপদ কঢ়িয়াই আনিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/cwuvk921/e7c05cf3-ad92-49d7-9da8-9976b8eb23d3.jpg)
ইয়াৰোপৰি যাদৱে সাংবাদিকতাৰ ওপৰত কৰ্পোৰেট খণ্ডৰ বৰ্ধিত প্ৰভাৱৰ বাবে সতৰ্কতা কৰি কয়, অসমৰ ডিমা হাচাও জিলাত ৯০০০ বিঘা ভূমি অধিগ্ৰহণৰ বিষয়ে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে। তেওঁ এই কথা উল্লেখ কৰি কয় স্থানীয় লোকসকলহে এই বিষয়টো আৱিষ্কাৰ কৰিবলগীয়া হ’ল? কিয় এইটো ৰাষ্ট্ৰীয় বাতৰি নহয়?
এই কাৰ্যৰ সৈতে প্ৰভাৱশালী কোৰ্পোৰেট গোষ্ঠীৰ ব্যক্তি, ৰাজনৈতিক নেতৃত্ব জড়িত থকাৰ বাবেই ইয়াক আজিৰ সংবাদ মাধ্যমে গুৰুত্ব দিয়া নাই বুলি কৈ তেওঁ কয়, আজিৰ সংবাদ মাধ্যমে ৰাজহুৱা দায়িবদ্ধতাৰ তুলনাত ব্যক্তিগত স্বাৰ্থক কেনেদৰে অগ্ৰাধিকাৰ দিয়ে তাৰেই এয়া এক উদাহৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/9ivyt4o6/99fefaec-1d93-4852-825f-e36ffb8a639d.jpg)
উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পেট্ৰিছিয়া মুখিমে আলোচনা কালত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উত্তৰ পূৰ্বাঞ্চল প্ৰান্তৰ দৃষ্টি আকৰ্ষণৰ বাবে চেষ্টা কৰে। তেওঁ অভিযোগ কৰি কয়, এই দেশে সঁচাকৈয়ে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক গুৰুত্ব নিদিয়ে। তেওঁলোকৰ বাবে আমি কেৱল সম্প্ৰসাৰিত এক অঞ্চল। এই অঞ্চলটোত ৰোমাণ্টিক কৰি তোলাৰ পদ্ধতিক সমালোচনা কৰি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰে অষ্ট লক্ষ্মীৰ দৰে শব্দ ব্যৱহাৰৰ কথা কয়। তেওঁ উত্তৰ পূৰ্বাঞ্চলক প্ৰভাৱিত কৰা বিষয়বোৰৰ ওপৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সঠিকভাৱে বাতৰি পৰিবেশন নকৰাক লৈ হতাশা ব্যক্ত কৰে।
আনহাতে ডিজিটেল মাধ্যমৰ উত্থান আৰু ফেক্ট চেকৰ ব্যৰ্থতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় আজি ইউক্ৰেইনত কি চলি আছে সেই বিষয়ে জানিবলৈ আপুনি টিভি অন কৰিব নালাগে। কিন্তু ডিজিটেল মিডিয়াই যিবোৰ প্ৰচাৰ কৰি আছে সেয়া সঠিক আৰু শুদ্ধনে সেই তথ্য পৰীক্ষা কৰে কোনে?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/bl8ja04n/1bb5a24f-c8bf-45f1-84bf-f7802b5f8ea8.jpg)
ইষ্ট মোজোৰ মুখ্য সম্পাদক কৰ্মা পালজৰে সংবাদ মাধ্যম কোৰ্পোৰেট খণ্ডৰ হাতলৈ যোৱাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কয়, প্ৰায় সকলো ঠাইতে এতিয়া সংবাদ মাধ্যমৰ মৃত্যু হৈছে। তেওঁ কয়, আজিৰ সাংবাদিকতাই যি সময় পাৰ কৰি আহিছে সেয়া জনসম্পৰ্কতকৈ অলপ বেছি। তেওঁ কয় আমি যি উদ্দেশ্যৰে সাংবাদিকতাৰ সৈতে জড়িত হৈছিলো সেই উদ্দেশ্যৰ পৰা আঁতৰি আহিছো। যদি দৰমহাৰ বাবে সাংবাদিকতা কৰি আছে তেন্তে কেৰিয়াৰ সলনি কৰা উচিত।
পালজৰে সাংবাদিকতাৰ অৱনতিক জলবায়ু পৰিবৰ্তনৰ সৈতে তুলনা কৰিছে। তেওঁ কয়, সাংবাদিকতাৰো জলবায়ু পৰিবৰ্তন হৈছে। সাংবাদিতাৰ নামত কোনেও আৰু নৈতিক উচ্চ স্থান অধিকাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰখনৰ সৈতে জড়িত বহু লোকৰ বিলাসী জীৱন শৈলীকো তেওঁ সমালোচনা কৰে। তেওঁ কয়, এইসকলৰ এনে বিলাসী আচৰণে সাংবাদিকতাৰ ক্ষেত্ৰখনক সমালোচিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/zuc8kbuo/2998b741-387f-4a80-9542-3d6aa9c19d9d.jpg)
আলোচনা চক্ৰত 4PM NEWS ৰ মুখ্য সম্পাদক সঞ্জয় শৰ্মাই স্বতন্ত্ৰ সাংবাদিকতাৰ বাবেই উত্তৰ প্ৰদেশ চৰকাৰে কেনেদৰে তেওঁক লক্ষ্য কৰি লৈছিল তাৰো বৰ্ণনা দিয়ে। সংবাদ মাধ্যমত কোৰ্পোৰেট খণ্ডৰ বৰ্ধিত অধিগ্ৰহণে কেনেদৰে সংবাদ ক্ষেত্ৰত সাম্প্ৰদায়িক আৰু ৰাজনৈতিক বিভাজন বৃদ্ধি কৰিছে তাৰ ওপৰত ব্যাখ্যা কৰে।
তেওঁ কয় লক্ষ্ণৌত আৰম্ভ কৰা তেওঁৰ ক্ষুদ্ৰ বাতৰি কাকতখনে প্ৰশাসনক সমালোচনা কৰি বাতৰি প্ৰকাশ কৰাৰ বাবেই চৰকাৰৰ ৰোষত পৰিছিল। স্বতন্ত্ৰ সংবাদ মাধ্যমে সন্মুখীন হোৱা প্ৰত্যহ্বানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, আজি ব্ৰেকিং নিউজ অবিহনে সংবাদ গোষ্ঠীৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰিছে।
এই আলোচনাত বিকল্প সংবাদ মঞ্চৰ বিষয়েও আলোচনা হয়। এই ক্ষেত্ৰত পূৰ্বৰ এন ডি টিভিৰ সম্পাদক ৰবিশ কুমাৰ ইউ টিউবাৰ ধ্ৰুৱ ৰাথিৰ দৰে ব্যক্তিয়ে স্বতন্ত্ৰ মাধ্যমেৰে কথা উল্লেখ কৰে। যোগেন্দ্ৰ যাদৱে এনে বিকল্প ভূমিকাৰ কথা স্বীকাৰ কৰি সংবাদ মাধ্যমে জনসাধাৰণৰ বিশ্বাস ঘূৰাই আনিবলৈ সংবাদ মাধ্যমৰ দৃশ্যপট সলনি কৰিব লাগিব বুলিও কয়।
আলোচনাত এই কথাত সকলো ঐক্য মতত উপনীত হয় যে, সংবাদ মাধ্যম গণতন্ত্ৰৰ প্ৰহৰী হিচাপে গুৰুত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
Also Read: প্ৰশিক্ষকৰ সমস্যাত জুৰুলা অসমৰ খেলুৱৈঃ ২০৩৬ অলিম্পিকৰ বাবে প্ৰস্তুতি অসম অলিম্পিক সন্থাৰ...