/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4eb92b60-a282-42b4-8ecc-85b8177b9557/Nadanpur.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰা : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (PM- KISAN) আঁচনিৰ সফল তথা দ্ৰুত ৰূপায়নৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ কৃষি বিভাগেও গ্ৰহণ কৰিছে বিশেষ প্ৰদক্ষেপ। এই আঁচনিৰ অধীনত ১২ জুনৰ পৰা আৰম্ভ হ'ব লগা পৰিপূৰ্ণতা অভিযানৰ (Mission Saturation) অংশস্বৰূপে গোৱালপাৰা জিলাৰ কেইবাটাও উন্নয়ন খণ্ড আৰু গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পৰীক্ষামূলকভাৱে যোৱা ৯ জুন তাৰিখে এক বিশেষ যৌথ শিবিৰ অনুষ্ঠিত কৰা হয়।
ইয়াৰ প্ৰথমখন যৌথ শিবিৰ লক্ষীপুৰ উন্নয়ন খণ্ডত অনুষ্ঠিত হয়। উক্ত অভিযানত E-KYC আৰু সঞ্চয় একাউণ্টৰ (Saving A/c) সৈতে আধাৰ নম্বৰ সংযুক্ত কৰণৰ কাম সম্পন্ন কৰা হয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া বুদ্ধেশ্বৰ দাস, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ছামছুল হক, সোণাৰি কৃষি উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়া দেবাশীষ শইকীয়া, লক্ষীপুৰ কৃষি উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়া যৱনিকা হাজৰিকা, কৃষি সম্প্ৰসাৰণ সহায়ক মুজাহিদুল ইছলাম বৰভূঞা আৰু আমিনুল ইছলাম উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a0400421-445a-43f6-b972-d12b931b7c1d/7542f611_8a6d_46f9_a211_48e24dd497a6.jpg)
অহা ১২ জুনৰ পৰা পূৰ্ণ গতিত জিলাখনৰ বিভিন্ন গাওঁ পঞ্চায়তত এনে বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব। PM-KISAN আঁচনিৰ অধীনত প্ৰতিজন যোগ্য হিতাধিকাৰীলৈ প্ৰতি বছৰে তিনিটা কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰা হয়। ১৪ নং কিস্তিৰ ধনৰাখি লাভ কৰিবৰ বাবে নিম্ন উল্লেখিত নিৰ্দেশনাবোৰ পালন কৰিবলৈ অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষই-
১) PM-KISAN পৰ্টেলত E-KYC সফলভাৱে সম্পূৰ্ণ কৰিবলৈ ওচৰৰ CSC অথবা অৰুণোদয় কেন্দ্ৰত যোগাযোগ কৰক।
২) হিতাধিকাৰীসকলে Indian Post Payment Bank (IPPB) ৰ জৰিয়তে আধাৰ সংলগ্ন সঞ্চয় একাউণ্ট ( Savings A/c) খোলাটো বাধ্যতামূলক।
৩) PM-KISAN পৰ্টেলত কৃষিভূমিৰ জমাবন্দি সংলগ্নকৰণৰ বাবে দাখিল কৰিব লাগিব।
Also Read: তামুলপুৰত বিধায়কৰ বিনামূলীয়া ক'চিংঃ বাচনি পৰীক্ষাত শতাধিক ছাত্ৰ-ছাত্ৰী...