ড০ হৰিচৰণ দাসৰ "যোগাযোগমূলক অসমীয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন

ড০ হৰিচৰণ দাসৰ "যোগাযোগমূলক অসমীয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, বিলাসীপাৰা: বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ড০ হৰিচৰণ দাসৰ "যোগাযোগমূলক অসমীয়া" শীৰ্ষক গ্ৰন্থ এখন বুধবাৰে উন্মোচন কৰা হয়। নতুন শিক্ষানীতিৰ সামৰ্থ বিকাশ পাঠ্যক্ৰমৰ আধাৰত ৰচনা কৰা এই পুথিখন উন্মোচন কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক আহমেদ গোলাম ছাৰোৱাৰে।

গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে, নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰী সকলে যাতে মাতৃভাষাৰ আনুষ্ঠানিক ব্যৱহাৰ ভালদৰে জানিব পাৰে তাৰবাবে ভাষাৰ যোগাযোগমূলক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু এইক্ষেত্ৰত ড০ হৰিচৰণ দাসৰ "যোগাযোগমূলক অসমীয়া" গ্ৰন্থখনে ছাত্ৰ ছাত্ৰী সকলক পাঠভিত্তিক জ্ঞানৰ যথেষ্ট সমল দিব।

অনুষ্ঠানত উপস্থিত থাকি বিলাসীপাৰা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণমান পৰীক্ষণ কোষৰ সমন্বয়ক ড০ কিংশুক চক্ৰৱৰ্তীয়ে কয় যে অসমীয়া ভাষাত আবেদন, প্ৰতিবেদন আদি লিখাৰ ব্যৱহাৰিক জ্ঞান আহৰণৰ বাবে এই গ্ৰন্থখন ছাত্ৰ ছাত্ৰীৰ বাবে অতি আৱশ্যকীয় হ'ব।

অনুষ্ঠানত ভাষণ দি বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ সমন্বয়ক আমানুৰ ৰহমানে গ্ৰন্থখনৰ বহুল প্ৰচাৰ কামনা কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ভালেমান সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ মণি- মাণিক প্ৰকাশনে।

ড০ হৰিচৰণ দাসৰ "যোগাযোগমূলক অসমীয়া" শীৰ্ষক গ্ৰন্থ উন্মোচন
৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in