দলগোমা-বুদুচৰত 'আঞ্চলিক ৰঙালী বিহু সন্মিলন' উদযাপন...

বুদুচৰ নৱজ্যোতি ক্ৰীড়া সংঘই দলগোমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু

author-image
Asomiya Pratidin
New Update
দলগোমা-বুদুচৰত 'আঞ্চলিক ৰঙালী বিহু সন্মিলন' উদযাপন...

ডিজিটেল সংবাদ, গোৱালপাৰা : একতা আৰু সম্প্ৰীতিৰ এনাজৰী অটুত ৰাখি কৃষ্টি- সংস্কৃতিৰ বিশাল পথাৰখন জীপাল কৰি এইবেলিও বুদুচৰ নৱজ্যোতি ক্ৰীড়া সংঘই দলগোমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে 'আঞ্চলিক ৰঙালী বিহু সন্মিলন'।

Advertisment

তদুপলক্ষে ইয়াৰ পূৰ্বে চম্পকজ্যোতি পুদ্দাৰক সভাপতি, মঃ মুস্তাফা নজৰুল (মুন), জয়দেৱ দাস আৰু ৰাকেশ চক্ৰৱৰ্তীক উপ-সভাপতি, নিখিল নাথক সম্পাদক, পার্থপ্রতীম কলিতা (পিংকু), কুনাল কলিতা, বিবেক জ্যোতি দাস(বিকি)ক যুটীয়া সম্পাদক, সাংস্কৃতিক সম্পাদক ক্ৰমে ডালিম দাস চন্দন কলিতা, ম: আব্দুৰ ৰহমান, দীপজ্যোতি কলিতা, হিতুমণি দাস, জিংকু কলিতা আৰু কৃপাময় দাসক লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।

সমিতি খনে জানিব দিয়া কাৰ্যক্ৰমণিকা অনুসৰি, যোৱা ২১ এপ্ৰিলৰ সাত বিহুৰ পুৱা নৱজাত ৰঙালী বিহু সন্মিলনীৰ 'বিহু পতাকা' উত্তোল‌ কৰা হয়। পতাকা উত্তোলন কৰিছিল দলগোমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ খলিলুৰ ৰহমানে।পতাকা উত্তোলনৰ পিচতে মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ জৰিয়তে শ্বহীদ বেদীত জাতীয় শ্বহীদসকলক তৰ্পন কৰা হয়।

শ্বহীদ তৰ্পন অনুষ্ঠানত বহুসংখ্যক স্থানীয় গণ্য-মান্য ব্যক্তিয়েও অংশ লয়। চহা জীৱনৰ লগত সংগতি থকা বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰি বিয়লিৰ ভাগত প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে, বুধবাৰ পুৱাৰে পৰা চলোৱা হয় 'স্বচ্ছ ভাৰত অভিযান'। পুৱাৰে পৰা বিহু বাকৰিৰ সমগ্ৰ এলেকা চিকুনাই তোলা হয়।

স্বচ্ছ অভিযানৰ গুৰি ধৰোঁতাসকল হ'ল-দলগোমা-কদমতলা গাঁও পঞ্চায়তৰ সভাপতি ডিম্বেশ্বৰ হাজং, ৪৯ নং বুদুচৰ গাঁও পঞ্চায়তৰ সদস্যা-সদস্য ক্ৰমে: ৰিম্পী দাস, শচীন্দ্ৰ নমঃ দাস আৰু ৰফিকুল ইছলাম। সন্ধিয়া স্মৃতি তর্পন‌ কৰিব বুদচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আফ্ৰুজা বেগমে। বুদুচৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী অনুৰূপা দাসে কৰিব বন্তি প্ৰজ্বলন ।

সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধনী কৰিব গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা পূব গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাসে। ইয়াৰ পিচতে আৰম্ভ হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। ঢোল-পেপাৰ মামত ৰজনজনাই যাব সন্ধিয়াৰ বিহু বাকৰি। নিশা অনুষ্ঠিত হ'ব শিল্পী সঞ্জীৱ বৰা আৰু দীক্ষিতা ৰাজগুৰুৰ অসমীয়া ন-পুৰণি গীতৰ সংগীতানুষ্ঠান ।

Also Read: কান্ধত ঢোল লৈ বিহুৰ আনন্দ ল'লে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে...

bihu