প'ৰ্টেল সাংবাদিকৰ ৰূপ লৈ আহিল অপৰাধী, ভুৱা তথ্যেৰে ৩ জ্যেষ্ঠ সংবাদিকৰ বিৰুদ্ধে অপপ্ৰচাৰ...

ৰাইজৰ বাবে স্বতন্ত্ৰ সাংবাদিকতাৰ বাৰ্তা লৈ আহিছিল প'ৰ্টেল সাংবাদিকতাই । কিন্তু ইয়াৰ অচিলাৰে একাংশ চোৰ, ডকাইত, দালাল আৰু দাগী অপৰাধীয়েও ভেশ ধৰিছে প'ৰ্টেল সাংবাদিকৰ
অভিযুক্ত সাংবাদিক
অভিযুক্ত সাংবাদিক

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৰাইজৰ বাবে স্বতন্ত্ৰ সাংবাদিকতাৰ বাৰ্তা লৈ আহিছিল প'ৰ্টেল সাংবাদিকতাই । কিন্তু ইয়াৰ অচিলাৰে একাংশ চোৰ, ডকাইত, দালাল আৰু দাগী অপৰাধীয়েও ভেশ ধৰিছে প'ৰ্টেল সাংবাদিকৰ । কৰ্ম সলালেও, সলনি হোৱা নাই তেওঁলোকৰ অসৎ মনোবৃত্তি । সাংবাদিকতাৰ নামত ধন দাবী, ব্লেক মেইলিং আদিয়েই যেন তেওঁলোকৰ মূল লক্ষ্য । গোৱালপাৰাত ফাদিল হৈছে প'ৰ্টেল সাংবাদিকৰ সন্ত্ৰাস সৃষ্টিকাৰী এক ভয়ংকৰ তথ্য । তিনি তথাকথিত দাগী সাংবাদিকৰ মুখা খুলিলে খোদ অভিযোগকাৰীয়ে ।

যোৱা ২ এপ্ৰিলত গোৱালপাৰাৰ তিনি জ্যেষ্ঠ সাংবাদিক আৰু এগৰাকী প্ৰাক্তন সাংবাদিকৰ বিৰুদ্ধে 'GNEWS PRESS' নামৰ ফেচবুক পেজ এটাত প্ৰচাৰ কৰা হয় ভুৱা বাতৰি । বিনা তথ্য প্ৰকাশিত বাতৰিটো ছ'চিয়েল মিডিয়াত ভাইৰেলহৈ পৰে । ইয়াৰ দ্বাৰা চাৰিগৰাকী প্ৰতিষ্ঠিত লোক তথা তেওঁলোকৰ পৰিয়ালৰ মান-সন্মান সমাজত বিনষ্ট কৰাৰ অপচেষ্টা চলোৱা হয় । কিন্তু 'মিছা কথাৰ ঠেং চুটি' এই আপ্ত বাক্যশাৰী ফলিয়াবলৈ বেছি সময় নালাগিল ।

দাবী কৰা ধন নোপোৱাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ শিহৰণকাৰী তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । অভিযোগ মতে এই জঘন্য ঘটনাত জড়িত আছে তথাকথিত প'ৰ্টেল সাংবাদিক ক্ৰমে হাছানুৰ ৰহমান, মনিৰুজ্জামান খন্দকাৰ ওৰফে ছেলিম আৰু নেকিবুৰ জামান ওৰফে জিৎ জামান ।

ইয়াৰে হাছানুৰ ৰহমান জেলফেৰৎ আচামী, ছেলিম ডি টি অ' অফিচৰ পৰিচিত দালাল আৰু জিৎ জামান হ'ল কুখ্যাত ব্লেকমেইলাৰ । তেওঁলোকে প্ৰতিষ্ঠিত তিনিগৰাকী সাংবাদিকৰ লগতে এগৰাকী প্ৰাক্তন সাংবাদিকৰ বিৰুদ্ধে ফেচবুক পেজত ভুৱা বাতৰি প্ৰকাশ কৰে ।

ইয়াৰ বাবে ঢাল হিচাপে ব্যৱহাৰ কৰে বালি মহলৰ কিছু লোকক । এই মহলটোৰ বিৰুদ্ধে প্ৰতিষ্ঠিত সাংবাদিক কেইজনে বাতৰি প্ৰকাশ কৰিছিল । ইয়াৰ সুযোগ গ্ৰহণ কৰি প'ৰ্টেলৰ দাগী সাংবাদিকয়ে মহলটোৰ একাংশ লোকক বিভিন্ন ধৰণে ভুৱা কথা কবলৈ উচটনি দিয়ে । এনে ঘটনা দেখি অঞ্চলটোৰ সচেতন ৰাইজে তীব্ৰ গৰিহণা প্ৰদান কৰিছে ।

উচটনিত ভোলগৈ পৰ্টেলৰ দাগী সাংবাদিকৰ শ্ৰুতলিপি মতে মহলটোৰ একাংশ লোকে কিছুমান মনে সজা আৰু ভুৱা অভিযোগ কৰে । ভুৱা বাতৰিত অধিক ৰহন সানিবলৈ এগৰাকী কুখ্যাত বালিচোৰৰ সহায় লয় । বালিচোৰ চাহাবুল ইছলাম ওৰফে ধনো ওৰফে ইমৰাণ হুছেইন । পাচত 'GNEWS PRESS' নামৰ ফেচবুক পেজটোত চৰিত্ৰহৰণকাৰী ভুৱা বাতৰি প্ৰকাশ কৰে ।

ন্যায় বিচাৰি ভুক্তভোগী সাংবাদিকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । লগে লগে ওলাই পৰে জোলোঙাৰ মেকুৰী । কেমেৰাৰ আগত ভুৱা কথা কোৱা বালি মহলৰ লোককেইজন অনুশোচনাত দগ্ধহৈ এইবাৰ কেমেৰাৰ আগত আহি সত্য কথাবোৰ প্ৰকাশ কৰে । তেওঁলোকে পাকচক্ৰত পৰি ভুৱা কথাবোৰ কোৱা বুলি নিজ মুখে স্বীকাৰ কৰে । ইয়াৰ লগে লগে পৰ্টেলৰ দাগী সাংবাদিক ক্ৰমে হাছানুৰ ৰহমান, মনিৰুজ্জামান খন্দকাৰ আৰু জিৎ জামানৰ মুখা খুলি পৰে ।

অভিযুক্ত সাংবাদিক
বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in