/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/10145eb3-3c67-4f90-b173-32f848456a2b/millett.jpg)
ডিজিটেল সংবাদ,গোৱালপাৰাঃ মিলেট বৰ্ষ অনুসৰি কোচধোৱা উন্নয়ন খণ্ডৰ অধীনৰ হাবাংগিৰি এম ই স্কুলৰ শিশুসকলৰ মাজত অসম মিলেট মিছনৰ অধীনত এক সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰটিত নোডেল বিষয়া বাগাৰাম বড়োৱে উপস্থিত খেতিয়ক,শিক্ষাৰ্থী তথা স্থানীয় ৰাইজৰ মাজত মিলেট খেতি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2ebcfb69-6000-46b6-9c18-c1b581a47931/7d117c5f_ee37_4d79_a8a0_f920b8c441f7.jpg)
তেওঁ কয় যে, মিলেট খেতিৰ দ্বাৰা কৃষকসকল যথেষ্ট লাভান্বিত হ'ব পাৰে। ইয়াৰোপৰি ই আমাৰ দেহত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। শিবিৰটিত উপস্থিত থকা শিক্ষাৰ্থীসকলৰ লগতো তেওঁ মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c72974d8-f57d-4bf9-9d1f-32f249a3a591/1946e48f_3215_4001_96ed_2c3356d78ea7.jpg)
বিষয়াগৰাকীৰ উপৰিও শিবিৰটিত আলোচক হিচাপে উপস্থিত থাকে প্ৰিয়ংকা দাস, এ ডি অ' মাটিয়া, অবিনাশ পাটগিৰি, এ ডি অ' দুধনৈ আৰু সুকন্যা মেধি। শুকুৰবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত হাবাংগিৰি এম ই স্কুলৰ ১৫ গৰাকী শিক্ষক,১০০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটিৰ মিলেট খেতিৰ খেতিয়কসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2e649818-09c1-4a0a-949a-3b81f99efa3d/b0241561_c628_4942_a9aa_866e2228e214.jpg)
আনহাতে,অনুষ্ঠানৰ শেষত জিলা কৃষি কাৰ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়ৰ খেলপথাৰত উপস্থিত সকলৰ মাজত মিলেট পায়াচাম আৰু লাড্ডাছৰে প্ৰস্তুত কৰা সুস্বাদু খাদ্য বিতৰণ কৰে। এই খাদ্য পৰিবেশন কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তৃপ্তি পোৱাৰ লগতে নতুন সোৱাদ পোৱা বুলি জানিবলৈ দিয়ে।
Also Read: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল