আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি অসম লেখিকা সমাজৰ 'মাটি-মানুহ-সমন্বয় দিৱস'ৰ আয়োজন কৰা হৈছে। গোৱলপাৰা জিলা লেখিকা সমাজ আৰু অসম লেখিকা সমাজৰ উদ্যোগত তথা প্ৰাগ নিউজ পৰিয়ালৰ সহযোগত মাটি-মানুহ-সমন্বয় দিৱসৰ আয়োজন কৰা হৈছে।

অহা ৯ আগষ্টত গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষা-সাহিত্য-সংস্কৃতি জগতৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। ইয়াৰোপৰি জিলা প্ৰতিনিধি,তথা আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজ সংস্কাৰক-পদ্মশ্ৰী বিৰুৱালা ৰাভা আৰু সাহিত্যিক ড০ বীৰেন্দ্ৰ কুনাৰ গোঁহাইক 'লোকবন্ধু লম্বোধৰ বৰা কামান সোঁৱৰণি মাটি-মানুহ-সমন্বয় বঁটা' যুটীয়াভাৱে প্ৰদান কৰা হ'ব। ইফালে উক্ত অনুষ্ঠনতে স্মাৰক গ্ৰন্থ 'উৰপদ' আৰু কবিতা পুথি 'পাহি' উন্মোচন কৰা হ'ব।

উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ বাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা,প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম,ড০ মীৰা দেৱী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান
গোপীনাথ বৰদলৈৰ স্মৃতিত ৰাজ্য চৰকাৰৰ লোককল্যাণ দিৱস পালন : বিষয়া-কৰ্মচাৰীলৈ বিশেষ সন্মান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in