বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা

বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিচতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। গোৱালপাৰা চহৰতো এই জাতি ধ্বংসকাৰী আইনখন বাতিলৰ দাবীত গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে নিশা গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত আইনখনৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীসকলে হাতে হাতে আছুৰ পতাকা লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ,'কা' আমি নামানো, জাতি ধ্বংসকাৰী আইন বাতিল কৰক, হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে নিশাৰ ৰাজপথ মুখৰিত কৰে। 'কা'ৰ প্ৰতিলিপি দাহ কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে সংবাদ মাধ্যমত 'কা'ৰ বিৰোধিতা কৰি সৰব হয়।

তেওঁ কয়- "কেন্দ্ৰীয় চৰকাৰে আজি 'কা' বলবৎ কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো,আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।'কা'ৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।ৰাইজৰ আমি সহযোগিতা কামনা কৰিছো এই আইনখন বাতিলৰ বাবে। বিদেশীৰ বোজা আমি মানি নলও,কাৰণ অসমখন ডাম্পিং গ্ৰাউণ্ড নহয় চৰকাৰে যেতিয়াই যি ইচ্ছা তাকে কৰিব।"

এই আইনখন বাতিল হ'বই লাগিব বুলি দৃঢ় সংকল্প লৈ মঙ্গলবাৰৰ পৰা জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি ঘোষণা কৰে আঞ্চলিক ছাত্ৰ নেতাগৰাকীয়ে। ইপিনে সোমবাৰে সন্ধিয়া আইনখন বলবৎ হোৱাৰ পূৰ্বে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনিৰে সমগ্ৰ গোৱালপাৰা চহৰখন ভৰি পৰা পৰিলক্ষিত হৈছিল।

বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা
কলিয়াবৰত বিকাশৰ যাত্ৰাৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in