/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5da8e68e-552d-4991-8111-159b91135e9a/1.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত যাত্ৰাৰ সংকল্পৰে ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ অংশ স্বৰূপে সোমবাৰে কলিয়াবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৫৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ ভুমি পূজন -শিলান্যাস, উদ্বোধন উদ্বোধন কৰে । কলিয়াবৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নলতলিৰ আৰিমৰাত মডেল ডিগ্ৰী কলেজ, ৯৯.৭৯ কোটি ব্যয়েৰে জখলাবন্ধাত ১৫০খন বিচনাযুক্ত জিলা চিকিৎসালয়ৰ শিলান্যাস কৰাৰ লগতে অসম মালা আঁচনিৰ অধীনত ৪৫.০৭ কোটি টকা ব্যয়েৰে কুঁৱৰীটোল-শিলঘাট-জখলাবন্ধা পথৰ সংবৰ্ধন আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ef87400f-5bd1-4388-877c-0aa14a60e144/fa1517a3_7132_460c_bdd7_6949d22b11fe.jpg)
ইয়াৰ পিছতে নাগশংকৰত ডাঃ টি আও ষ্টেডিয়ামৰ নৱনিৰ্মিত পেভিলিয়ন মুকলি কৰি অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি কয় যে ডাঃ টি আও ষ্টেডিয়ামত ১০ কোটি টকা ব্যয়েৰে পুনৰ নতুন প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। অনুষ্ঠানতে চাহ বাগিচাৰ লোকসকলৰ বাবে ২৩ খন এম্বুলেন্সো মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ায় । কুঁৱৰীটোলত ২৬.৮৩ কোটি টকা ব্যয়েৰে এখন চৰকাৰী আইন মহাবিদ্যালয় আৰু উলুৱনীত ১৫ কোটি টকা ব্যয়েৰে হ'বলগীয়া আয়ুষ চিকিৎসালয়ৰো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতীকী শিলান্যাস কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/065ddc00-97a3-4026-95cc-d5a41725e59d/0d1841ca_8461_46cb_aca6_f97f7a294fdc.jpg)
২০ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ জাতীয় জীৱনত প্ৰথমবাৰৰ বাবে এনে বিকাশ হৈছে আৰু এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ অকৃত্ৰিম অসম প্ৰেমৰ বাবে সম্ভৱ হৈছে৷ এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাকো আৰ্শীবাদ দিব লাগিব আৰু উন্নয়ন যাত্ৰা অব্যাহত থাকিব ৷ অসমত সামাজিক ন্যায় আৰু বহুমুখী বিকাশ হৈছে । ৷চাহ শ্ৰমিক ভাই বন্ধুসকলে এতিয়া সকলো সুবিধা লাভ কৰিছে ৷ ২০২২ চনৰ পৰা এই বিকাশ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8853b3af-def4-4be5-a421-0b1d4f92a1bb/9a684245_403a_46ec_80dc_d0615a1b9df3.jpg)
তেখেতে ভাষণত কয় যে নিৰ্বাচনৰ আগতে কৈছিলো এক লাখ চাকৰি দিম সেয়া কৰি দেখুৱালো ৷ ৰাইজৰ আৰ্শীবাদ থাকিলে এভাৰেষ্টৰ শৃংগটো উঠিব পাৰিম৷ চৰকাৰী চাকৰি দিয়াৰ নামত থকা দালালৰ বজাৰো শেষ কৰিলো ৷ ৪২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছে আৰু ২৮ লাখ মহিলাক অৰুণোদয় দিলো । পুনৰ তিনি লাখক অৰুণোদয় দিম ৷ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব৷ প্ৰতিটো পৰিয়ালৰ মূৰব্বীৰ নামত চৰকাৰৰ ফালৰ পৰা বীমা কৰা হ'ব৷ আনহাতে লাখপতি বাইদেউ আঁচনিৰ ১০ হাজাৰ টকা সদ ব্যৱহাৰ কৰিলে পুনৰ ২৫ হাজাৰকৈ টকা দিয়া হ'ব বুলিও তেখেতে মন্তব্য কৰে । ছোৱালীসকলক কলেজলৈ আনিবলৈ নতুন আঁচনি গ্ৰহণ কৰা হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে মেট্ৰিক পাছ কৰি কলেজলৈ অহা যুৱতীসকলক ১০ হাজাৰকৈ দিয়া হ'ব । । ল'ৰাক মাক-দেউতাকে পঢ়াব, ছোৱালীক পঢ়োৱাৰ দায়িত্ব মামাই ল'লো বুলিও তেখেতে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/86aadd1e-c310-449d-8bc8-dc0e052da86b/38a0292c_5bc1_4072_9827_b961902bc6f9.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4d35aa71-5c66-4bd3-a719-0ba1330f4da4/c90fe2a0_37e2_4629_a406_7820d72bf7e3.jpg)
কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই আদৰনি ভাষণত বৰ্তমনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ ইতিহাসত আটাইতকৈ দক্ষ, কৰ্মযোগী আৰু পৰিবৰ্তনকামী মূখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে। সভাখনত সাংসদ তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, অগপৰ সাধাৰণ সম্পাদক মণি মাধৱ মহন্ত, বিজেপিৰ কলিয়াবৰৰ সভাপতি বাবুল বৰা,বিশ্ব বেংকৰ জেষ্ঠ বিষয়া অমিত মাদ্ৰাছা, জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ প্ৰমুখ্য কৰি অগপ - বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা