জেহাদীৰ বিৰুদ্ধে NIA ৰ অভিযান, গ্ৰেপ্তাৰ কেইবাজনো...

জেহাদীৰ বিৰুদ্ধে এন আই এৰ অভিযান। জেলফেৰৎ চাৰি জেহাদীক পুনৰ গ্ৰেপ্তাৰ কৰিলে এন আই এ ।

author-image
Asomiya Pratidin
New Update
জেহাদীৰ বিৰুদ্ধে NIA ৰ অভিযান, গ্ৰেপ্তাৰ কেইবাজনো...

ডিজিটেল সংবাদ, গোৱালপাৰাঃ জেহাদীৰ বিৰুদ্ধে এন আই এৰ অভিযান। শনিবাৰে নিশা জেলফেৰৎ চাৰি জেহাদীক পুনৰ গ্ৰেপ্তাৰ কৰিলে এন আই এ । ইয়াৰে তিনি জেহাদী গোৱালপাৰাৰ আৰু এজন বঙাইগাঁওৰ কাবাইটাৰীৰ ।

Advertisment

গ্ৰেপ্তাৰ হোৱা চাৰি জেহাদী ক্ৰমে- আব্দুছ ছোবাহান, জালালুদ্দিন শ্বেখ, আব্দুছ ছোবান আৰু হাফিজুৰ ৰহমান ।২০২২ চনৰ আগষ্ট মাহতে চাৰিওজনকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল । ৯ মাহ জেল খটাৰ পাছত ২ মে'ত আদালতৰ পৰা জামিন লাভ কৰি এটা মাহ ঘৰত থকাৰ পিছত যোৱা ৯ জুন নিশা চাৰিওকে পুনৰ গ্ৰেপ্তাৰ কৰে এন আই এ ।

উল্লেখযোগ্য যে, আব্দুছ ছোবাহানে মৰনৈ থানাৰ অন্তৰ্গত তিনিকোণীয়া শান্তিপুৰ মছজিদৰ ইমাম আছিল । আনহাতে জালাল উদ্দিন মাটিয়া থানাৰ অন্তৰ্গত টিলাপাৰা নতুন মছজিদৰ ইমাম আছিল । অভিযোগ অনুসৰি সম্পৰ্কীয় দুই ভাই-ককাইয়ে একেলগে জেহাদী কাৰ্যকলাপ চলাই গৈছিল ।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা সময়ত  আব্দুছ ছোবাহানৰ ঘৰৰ পৰা আৰক্ষীয়ে আৰৱী আৰু বাংলা ভাষাৰ বেনাৰ পোষ্টাৰ আৰু জেহাদী কার্যকলাপ চলোৱা নথি পত্ৰ উদ্ধাৰ কৰিছিল। সমান্তৰালকৈ জালাল উদ্দিনৰ ঘৰৰ পৰা জেহাদীৰ সৈতে যোগাযোগ কৰা এটা মোবাইল ফোন আৰু আৰবী ভাষাৰ বেনাৰ পোষ্টাৰ উদ্ধাৰ কৰিছিল  । পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা এটা জেহাদীয়েও আব্দুছ ছোবাহানৰ নাম উল্লেখ কৰিছিল ।

জালাল উদ্দিনৰ নেতৃত্বতে ২০১৯ চনত টিলাপাৰা সুন্দৰপুৰ অনুষ্ঠিত ধৰ্ম সভাত কেবাটাও বাংলাদেশী জেহাদী অতিথি বক্তা হিচাপে অংশগ্ৰহণ কৰি জেহাদ সম্পৰ্কে ভাষণ প্ৰদান কৰিছিল । তদুপৰি পাখিউৰাত দাৰোগাৰ আলগা চৰত জালালুদ্দিনে মাদ্ৰাছা স্থাপন কৰি তাত পশ্চিম বংগৰ জাহাংগীৰ আৰু আমিনুল নামৰ দুই জেহাদীক শিক্ষক হিচাপে নিযুক্ত কৰি জেহাদীৰ কাৰ্যকলাপ চলাই গৈছিল ।

একেদৰে গোৱালপাৰাৰ গোবিন্দপুৰৰ আব্দুছ ছোবান আৰু বঙাইগাঁওৰ কাবাইটাৰীৰ হাফিজুৰ ৰহমানেও জেহাদী কাৰ্যকলাপত জড়িত আছিল । গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ পৰা এন আই এ কি তথ্য লাভ কৰে সেয়াহে লক্ষণীয় হ'ব ।

Also Read: নদীত বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈছিল যুৱক, মৃত্যু...

nia