দুধনৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন ২ পৰীক্ষাৰ্থী...

দুধনৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন ২ পৰীক্ষাৰ্থী...

author-image
Asomiya Pratidin
New Update
দুধনৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন ২ পৰীক্ষাৰ্থী...

দুধনৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন ২ পৰীক্ষাৰ্থী...

ডিজিটেল সংবাদ গোৱালপাৰা: হোলীৰ আনন্দ-উল্লাহৰ মাজতে মঙলবাৰে গোৱালপাৰাত এক অঘটন সংঘটিত হৈছে। দুধনৈ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰ সন্ধানহীন হৈছে। সন্ধানহীন দুই কিশোৰৰ নাম হ'ল ক্ৰমে শোভম নাথ ( ১৬) আৰু জনাৰ্ধন দাস (১৮) ।

Advertisment

ইয়াৰে জনাৰ্ধন দাসৰ ঘৰ কদমতোলাত আৰু শোভম নাথৰ ঘৰ দলগোমাত। স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফৰ জোৱানসকলে দুই কিশোৰৰ সন্ধান আৰম্ভ কৰিছে।

কিন্তু বাতৰি লিখা পৰলৈ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে,আজি দুপৰীয়াৰ ভাগত দুই কিশোৰ ক্ৰমে শোভম নাথ আৰু জনাৰ্ধন দাস আন আন সমনীয়াৰ সৈতে গোপালপুৰৰ কাষৰত থকা দুধনৈ নৈত গা ধুবলৈ যায়।

কিন্তু হঠাৎ শোভম নাথ আৰু জনাৰ্ধন দাস নৈখনৰ দ' পানীত পৰি যায়।সমনীয়াই তেওঁলোকক বচাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। লগে লগে চিঞৰ-বাখৰ আৰম্ভ কৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে।

পাচত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এছ ডি আৰ এফৰ দললৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বাতৰি লিখা পৰলৈ তেওঁলোকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, সন্ধানহীন দুই কিশোৰৰ ভিতৰত শোভম নাথ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু জনাৰ্ধন দাস উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী ।এই ঘটনাই দলগোমা-কদমতোলাত শোকৰ ছাঁ পেলাইছে।

Also Read: কেজৰিৱালৰ মন্ত্ৰী সভাত স্থান পালে আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজে...

দুধনৈ