১০ কোটি ! নোহোৱা হ'ল এটা পাহাৰ...

১০ কোটি ! নোহোৱা হ'ল এটা পাহাৰ...

New Update
১০ কোটি ! নোহোৱা হ'ল এটা পাহাৰ...

১০ কোটি ! নোহোৱা হ'ল এটা পাহাৰ...

ৰাজ্যৰ বন বিভাগে বন সুৰক্ষা আৰু প্ৰকৃতি সংৰক্ষণৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণবাজি কৰে। কিন্তু সেই বন বিভাগৰ পৃষ্ঠপোষকতাতেই বিক্ৰী হয় পাহাৰ, ধ্বংস কৰে একো একোটা পাহাৰ। লাফলং ৰাজহগাঁৱত থকা এটা পাহাৰ এক অৰ্থত গোটাই গোটাই গিলিলে একাংশ বন দস্য়ু আৰু বন বিভাগৰ ধনলিপস্যু বিষয়াই।

Advertisment

ৰবীন শইকীয়া নামৰ লোকৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ সমীপত এনেধৰণৰ বন ধ্বসংৰ অভিযান কল্পনাই কৰিব নোৱাৰি। এক চৰকাৰী নিৰ্দেশনাৰ সুযোগ লৈ লাফলং ৰাজহগাঁৱৰ পট্টা নং ৩৮, ডাগ নং ২৮ ত যি খনন চলি আছে সেয়া প্ৰকৃতি প্ৰেমি দল, সংগঠনসমূহে ৰহস্যজনকভাৱে মন দিয়া নাই।

উক্ত পাহাৰটোত ৬ বিঘা খননৰ বাবে যুটীয়াভাৱে অনুমতি দিছিল বন বিভাগ আৰু ৰাজহ বিভাগে। কিন্তু সেই অনুমতিৰেই অচিলা লৈ ইতিমধ্যে ৪০ বিঘা মাটিত পাহাৰ খান্দিছে জনৈক ৰবীন শইকীয়া নামৰ লোকজনে।

এসময়ত সেই ঠাইত এটা পাহাৰ আছিল বুলি ক'বলৈ সংকুচ কৰা নাই স্থানীয় ৰাইজে। পাহাৰটোৰ ৩০ হাজাৰ ঘনমিটাৰ মাটি খননৰ অনুমতি লৈ এতিয়ালৈকে ৪, ৫ লাখ ঘনমিটাৰ মাটি উক্ত পাহাৰটোৰ পৰা কাটি উলিয়াই নিয়া হৈছে।

উল্লেখযোগ্য যে, ডাম্পাৰ যোগে কঢ়িয়াই নিয়া এই মাটিখিনি বিক্ৰীৰ বাবতেই ১০ কোটি টকাৰ ব্যৱসায় কৰিছে পাহাৰখননৰ সৈতে জড়িতসকলে। এখন ডাম্পাৰত হিচাপ অনুসৰি ১০ ঘনমিটাৰ মাটি পৰিবাহিত হয়।

সেই হিচাপত এই পাহাৰটো কাটি ৫০ হাজাৰ বাৰ ডাম্পাৰে উক্ত স্থানৰ পৰা মাটি নি বিক্ৰী কৰা হৈছে। মন কৰিবলগীয়া যে, এক গাড়ী ডাম্পাৰৰ মাটি মূল্য নূন্যতম ২০০০ টকা। সেই হিচাপত ১০ কোটি টকাৰ ব্যৱসায় কৰিছে এই বনদস্যুসকলে।

কিন্তু নিমাতে আছে বন বিভাগ, সকলো দেখিও নেদেখাৰ ভাও ধৰিছে বন মন্ত্ৰীয়ে। অভিযোগ অনুসৰি স্থানীয় বন বিষয়া জনৈক কলিতাৰ সৈতে হোৱা বুজাপৰাৰ বাবেই এই বন ধ্বংস আৰু পাহাৰ খনন সম্ভৱ হৈছে।

কেৱল মাটিয়েই নহয়, পাহাৰটোত থকা প্ৰকাণ্ড শিলসমূহো অনুমতিবিহীনভাৱে বিস্ফোৰক দি ভঙাৰ কাৰ্যও চলাই আছে। অভিযোগৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ বন ধ্বংসৰ এনে পৰিস্থিতি দেখি যিকোনো লোকেই মৰ্মাহত হৈ পৰিব।

এই দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত বন বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰী মিলি তাত ১৫ হাজাৰ ঘন মিটাৰ মাটি অবৈধভাৱে কটা বুলি কাগজে পত্ৰয়ে লিপিবদ্ধ কৰিছে যদিও সেই পৰিমাণ ৪ গুণৰো অধিক।

এই পাহাৰটোৰ কাষতে বাস কৰা স্থানীয় লোকে জানিবলৈ দিয়া মতে দিনে-ৰাতিয়ে তাত চলে খনন কাৰ্য। শিল ভঙাৰ প্ৰচণ্ড শব্দত মাজ ৰাতি হৰণ হয় তেওঁলোকৰ টোপনি। ইমানৰ পাছতো শুভ বুদ্ধি উদয় হোৱা নাই বন বিভাগ তথা মুখ্যমন্ত্ৰীৰ।

সততে সচেতন বুলি দাবী কৰা স্থানীয় বিধায়ক অতুল বৰা (জ্যেষ্ঠ)ও এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত। আমি মাত্ৰ আঙুলিয়াই দিলোঁ কি পৰ্যায়ত চলি আছে ৰাজ্যখনত বন ধ্বংসৰ অভিযান। গোটা গোটে এটা পাহাৰ বনদস্যুৱে গিলি থোৱাৰ পাছতো মাত নাই মুখ্যমন্ত্ৰীৰ।

অমৃত বৃক্ষৰ চমৎকাৰী আঁচনি ৰূপায়নেৰে প্ৰকৃতিৰ ভাৰাসাম্য ৰক্ষা কৰিব খোজাসকলে চকুৰ সন্মুখতে পাহাৰ এটা কাটি তহিলং কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক। তথাকথিত প্ৰকৃতিপ্ৰেমি সংগঠনসমূহৰ চকু মেল খাব কেতিয়া? নে ৰাইজে তেওঁলোকৰ চকু পটা খুলি ক'ব লাগিব- ''এয়া চা পাহাৰ খান্দি কেনেদৰে শেষ কৰিছে এই বনদস্যুসকলে। চৰকাৰে দেখিও দেখা নাই, তহঁতেও মাত মতা নাই কিয়।''

Also Read: ভালে, কুশলে আছে মানস ৰবীন...

সোণাপুৰ