/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3d0ef3ff-1703-4ed1-b5e0-2c00d23a0440/AP_FOR_WEB_gmc.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ চানমাৰিত গুৱাহাটী পৌৰ নিগমৰ অভিযান। মিঠাই বনোৱা কাৰখানাত চলিল অভিযান। লেতেৰা পৰিৱেশত মিঠাই বনোৱা কাৰখানাক জৰিমনা বিহে পৌৰ নিগমে।
ভাৰতীয় মিষ্টান ভাণ্ডাৰক বিহিলে ৮০ হাজাৰ টকাৰ জৰিমনা লগতে জিএমচিয়ে ছীল কৰিলে কিৰণ মিষ্টান ভাণ্ডাৰকো। উল্লেখ্য যে, এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে পৌৰ নিগমে ছীল কৰিছিল বহু মিঠাই ভাণ্ডাৰ।
লেতেৰা পৰিৱেশত খাদ্য তৈয়াৰ কৰি একপ্ৰকাৰ বিহ বিক্ৰী কৰি আছে এই মিঠাই ভাণ্ডাৰ সমূহে। তথাপিও কিন্তু এই ব্য়ৱসায়ীসকলে কোনো শিক্ষা নলয়। নিজৰ মুনাফা আদায় কৰাৰ নামত এনেদৰে অপৰিষ্কাৰ পৰিৱেশত তৈয়াৰ কৰি আহিছে খাদ্য।
Also Read: হাতত চৰু, কাঁহি-বাতি লৈ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ওলাই আহিল চাহ শ্ৰমিক