/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/96d86f3c-beeb-4663-860e-1d5e889d0c79/yyyy.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বিজেপিৰ শাসনে আমুৱাইছে নেকি ৰাজ্যৰ চাহ শ্ৰমিক সকলক ? চৰকাৰৰ ভোট বেংকৰ ৰাজনীতিত অতিষ্ঠ হৈছে নেকি বৃহৎ জনগোষ্ঠীটো?
তাৰেই যেন ইংগিত বহন কৰিছে ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত ৰখা চৰকাৰৰ বিৰোধী প্ৰতিবাদে। বিজেপি চৰকাৰৰ দিনত আকাশ লংঘী মূল্য বৃদ্ধিত জুৰুলা হৈছে সৰ্বসাধাৰণ লোকৰ লগতে খাটি খোৱা চাহ শ্ৰমিক সকলো।
তেজক পানী কৰি হাড় ভঙা পৰিশ্ৰমেৰে সামান্যতম মজুৰি লাভ কৰাৰ বিপৰীতে ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ককাঁল ভাঙিছে এতিয়া শ্ৰমিক সকলক। যাৰ বাবে বাগিচাৰ কাম এৰি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে এইসকল চাহ শ্ৰমিক।
বুধবাৰে হাতত চৰু,কেৰাহী তথা কাঁহি-বাতি লৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বোকাখাতৰ কাকজান,টিপুজান,গাৰুলাইন,নাহৰজান,শিলভেটা আদি অঞ্চলৰ চাহ শ্ৰমিকে অসম চাহ জনজাতি ছাত্র সন্থাৰ নেতৃত্বত সাৱ্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
কেৱল ভোট বেংকৰ ৰাজনীতিত কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কেতবোৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তোলে তেওঁলোকে। লগতে অতীষ্ঠ হোৱা বৃহৎ জনগোষ্ঠীটোৰ লোকে আগন্তক নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে শাসনাধিষ্ঠ চৰকাৰখনক।
Also Read: ধেমাজিত শিশুৰ অভিনয় আৰু আবৃত্তিৰ কৰ্মশালা...