দিপাৱলীত ব্যৱহাৰ কৰা কলগছ সংগ্ৰহ কৰিব GMCয়ে, হাতীৰ খাদ্যৰ বাবে দিব বন বিভাগক

দিপাৱলীত ব্যৱহাৰ কৰা কলগছ সংগ্ৰহ কৰিব GMCয়ে,  হাতীৰ খাদ্যৰ বাবে দিব বন বিভাগক

ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী। ইয়াৰ পূৰ্বে দীপাৱলীক লৈ বিশেষ সিদ্ধান্ত GMCৰ। তলত জিএমচিৰ সিদ্ধান্ত সমূহ উল্লেখ কৰা হ'ল-

  • গুৱাহাটীলৈ বিক্রীৰ বাবে অনা কলগছ ৰখাৰ স্থান নিৰ্ধাৰণ।

  • ঘৰৰ পদূলিত লগোৱা কলগছ য’তে ত’তে নেপেলাবলৈ আহ্বান।

  • ঘৰৰ পদূলিৰ পৰা GMCয়ে সংগ্রহ কৰিব সেই কলগছ।

  • সংগ্রহ কৰা কলগছ বন বিভাগক হাতীৰ খাদ্যৰ বাবে চমজাই দিয়া হ’ব।

  • কলগছ সংগ্রহ কৰিবলৈ NGOৰ লোক নগ’লে দিব পাৰিব অভিযোগ।

  • দীপাৱলীৰ বাবে প্রতিটো পথ, উপ-পথ স্বচ্ছ কৰি ৰখা আহ্বান।

  • পদূলি স্বচ্ছ কৰি ৰখা পৰিয়ালক দিয়া হ’ব প্রমাণ পত্র।

  • প্রতিখন দোকানত ৰাখিব লাগিব দুটাকৈ ডাষ্টবিন।

  • সেউজীয়া আৰু নীলা দুটা ৰঙৰ ডাষ্টবিন ৰখাটো বাধ্যতামূলক।

  • নিৰ্দেশনা নামানিলে বাতিল কৰা হ’ব দোকানৰ অনুজ্ঞাপত্র।

দিপাৱলীত ব্যৱহাৰ কৰা কলগছ সংগ্ৰহ কৰিব GMCয়ে,  হাতীৰ খাদ্যৰ বাবে দিব বন বিভাগক
আদালতে দিলে অনুমতিঃ চৰ্ত সাপেক্ষে অসুস্থ পত্নীক সাক্ষাৎ কৰিব পাৰিব মনীষ চিছোদিয়াই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in