/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f690c3a0-855f-4524-98eb-19ce88bff166/AP_FOR_WEB_1.jpg)
জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণিঃ অসমীয়া প্ৰতিদিনৰ সাংবাদিক নুৰুল ইছলামক 'গৌৰৱ বঁটা' প্ৰদান
ডিজিটেল সংবাদ গৰৈমাৰীঃ 'শৃংখলিত জীৱন শৈলী অনুসৰণ কৰাৰ জৰিয়তে সামাজিক দায়ৱদ্ধতা আৰু বৃত্তিগত দায়ৱদ্ধতাৰ মাজত সন্তোলন ৰক্ষা কৰি সাংবাদিকতা কৰিব পাৰিলেহে সমাজ পৰিৱৰ্তনত সাংবাদিকতাই ফল দিব৷'—কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই এইদৰে কয়৷
জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয়, সমাজ আৰু সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তিসকলৰ জীৱন শৈলী ৰজাৰ আসনত থকা মানুহৰ জীৱন শৈলীৰ লগত যদি একে হৈ যায়, তেন্তে সমাজৰ একো পৰিৱৰ্তন নহয়৷ সেই কথাটো সাংবাদিকসকলে মনত ৰাখিব লাগিব৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6ccea5aa-b355-423d-9c4f-208a3d67d78a/2a16e2a4_ab90_41dc_9a27_3e0aee407dca.jpg)
জি কে এছ প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিমৰ সঞ্চালনাত আৰু গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া আবুল কালাম আজাদে পৰিচালনা কৰা সভাত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সমাজ গঢ়িবৰ কাৰণে অকল শিক্ষাই যথেষ্ট নহয়, সমাজ গঢ়িবৰ কাৰণে সমাজ চেতনাৰ দৰকাৰ বুলিও উল্লেখ কৰে।
তেওঁ কয়—সমাজ চেতনা কেতিয়াও ডিগ্ৰীয়ে আনি দিব নোৱাৰে৷ জি কে এছ প্ৰেছ ক্লাব জন্মলগ্নৰে পৰাই সোণতলী, গৰৈমাৰী অঞ্চলৰ সৈতে সু-সম্পৰ্ক থকা বুলি প্ৰকাশ মহন্তই সভাত উল্লেখ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bef3bb87-dae9-41b3-8106-e4f9c9611c9b/5fc4fa3c_0f3a_48a7_a863_6fe18558fa55.jpg)
জি কে এছ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে সাংবাদিক ৰেজাউল কবীৰে৷ সভাত জি কে এছ প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুৰ ৰহমানে বৃহত্তৰ অঞ্চলটোত চলি থকা অবৈধ তীৰ, মদ, জুৱা, ড্ৰাগছৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷
আনহাতে জি কে এছ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে সভাপতি ড০ শ্বেখ মজিবৰ ৰহমান আৰু আজমল চৌধুৰীৰ সম্পাদনত প্ৰকাশ কৰি উলিওৱা 'চাপৰি' নামৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/90ae2b15-dbc8-4f03-a164-718a117f6195/9fe6488a_fc97_4cc5_9391_934bb2c62e6f.jpg)
অনুষ্ঠানত সংবাদকৰ্মী হিচাপে জনসম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হোৱা 'অসমীয়া প্ৰতিদিন'ৰ গৰৈমাৰীৰ সাংবাদদাতা নুৰুল ইছলামক কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ফুলাম গামোচা, মানপত্ৰৰ সৈতে জি কে এছ 'গৌৰৱ বঁটা' প্ৰদান কৰে৷ নিয়মীয়া বাৰ্তাৰ সোণতলীৰ সাংবাদিক নয়ান আলীকো 'গৌৰৱ বঁটা'ৰে সন্মানিত কৰা হয়৷
গৰৈমাৰীৰ তৰুণ কলিতা, মহিমাৰীৰ আব্দুল মজিদ, সোণতলীৰ ৰহমত উল্লাহক কৃতী শিক্ষকৰ জি কে এছ 'সূৰ্য বঁটা'ৰে সন্মানিত কৰা হয়৷ আনহাতে জনহিত জনসেৱাৰ্থে কাম কৰা গুৱাহাটীৰ কপিল পাঠকক 'কৰ্মশ্ৰী বঁটা', গৰৈমাৰীৰ ডাঃ ফজলুল হক চৌধুৰী, সোণতলীৰ পানীখাইতীৰ আব্দুছ ছামাদ আহমেদক 'সমাজ হিতৈষী বঁটা', গৰৈমাৰীৰ দেলোৱাৰ হুছেইন, সোণতলীৰ ছাহজাহান আলীক আদৰ্শ কৃষক বঁটা, মেৰাগাণ্ডাৰ ছহিদুল ইছলাম, সোণতলীৰ ৰশিদ আলীক জি কে এছ 'সুদক্ষ খেলুৱৈ বঁটা' প্ৰদান কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/85fa1ffb-91c5-4f9b-88af-8fe08ddfea46/8a73f259_dc85_47b2_8f8b_b8adc1aaf69e.jpg)
সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, গৰৈমাৰীৰ ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউৱাল চাহাব, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাবেল উদ্দিন, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ খবিৰউদ্দিন আহমেদ, ২নং যোগীপাৰা এল বি এছ এ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ আহমেদ, জি কে এছ প্ৰেছ ক্লাবৰ উপদেষ্টা আজাদ ওচমান গণি, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰবত আলী, সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী, প্ৰাক্তন বন বিষয়া ভৱেশ চন্দ্ৰ দাস, ছয়গাঁও আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ মুস্তাক আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানসহ কেইবাজনো সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰে৷ মুকলি সভাত সমবেত সংগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত আদি পৰিবেশন কৰাৰ লগতে নিশা আমন্ত্ৰিত শিল্পীয়ে গীত-মাত পৰিবেশন কৰিব।
Also Read: হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us