হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ...
হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ...

হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ...

ডিজিটেল সংবাদ হাজোঃ বাৰে ৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাৰে হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ। লোকে লোকৰণ্য হ'ল হাজো সমষ্টিৰ অন্তৰ্গত ধুহিবালা জাতীয় বিদ্যালয়ৰ চৌহদ।

ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহ উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচী।প্ৰাক্তন আছু নেতা ধৰ্মেশ্বৰ দাস, সংস্কৃতিৰ দাপোন আলোচনীৰ সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থই উদ্ধোধন কৰে এই শোভাযাত্ৰা।

অসমৰ মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধি, শ্যামন্ত্ৰিকা শৰ্মাই মুখ্য অথিতি হিচাপে অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত। ইফালে ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় পতাকা উত্তোলন, স্মৃতি তৰ্পন, অন্তৰংগ আলাপ আদি কাৰ্যসূচী।

এই আটাইবোৰ কাৰ্যসূচীতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে মুকলি সভা,সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই সংগীত পৰিবেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

হাজোৰ ধুহি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ...
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্ততি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in