বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত গীতা জয়ন্তী উদযাপন

বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত গীতা জয়ন্তী উদযাপন

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত গীতা জয়ন্তী উদযাপন

ডিজিটেল সংবাদ,বিহালী : বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত শুকুৰবাৰে গীতা জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ১০-০০ বজাত এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি অতুল শৰ্মাই।

Advertisment

নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী আৰু আচাৰ্য বিনোদ শৰ্মাই আঁত ধৰা অনুষ্ঠানত শ্ৰীমদ্ভাগবত গীতাৰ ব্যাখ্যা কাৰক হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ সন্মুখত গীতাৰ তাৎপৰ্য সম্পৰ্কে ব্যাখ্যা কৰে ৰন্তু শইকীয়াই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাত 'ক' শাখাৰ ৩গৰাকী প্ৰতিযোগী ক্ৰমে দৰ্শিতা প্ৰিয়ম প্ৰথম, আকাংক্ষা প্ৰিয়া ভূঞা দ্বিতীয়, দক্ষিণা ফুকন তৃতীয় আৰু 'খ' শাখাৰ প্ৰথম জাহ্নৱী শৰ্মা আৰু দ্বিতীয় অমৃতা ধৰে দ্বিতীয় স্থান অধিকাৰ কৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মনীষ কলিতা, সহকাৰী সম্পাদক ত্ৰিদিপ বৰুৱা আৰু কোষাধক্ষ প্ৰাঞ্জিত শইকীয়াৰ উপৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে।

Also Read: লক্ষীপুৰ মহাবিদ্যালয়ত ভাষাবিদ-গৱেষক ড০ উপেন ৰাভা হাকাচামৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি

biswanath