/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ তেলগৰমৰ পংকাগ্ৰান্টত এগৰাকী অষ্টমমান শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ পৰিয়াল আৰু স্থানীয় লোকৰ ৷
পিতৃ উত্তম ৰাভা আৰু মাতৃ ববিতা ৰাভাৰ জীয়াৰী অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰীমা ৰাভাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। ঘটনাৰ সময়ত পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই ধৰ্ষণ কাণ্ড সংঘটিত কৰি কোঠাৰ ভিতৰত কাপোৰেৰে ডিঙিত ফাঁচ দি ওলোমাই থোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷
ইতিমধ্যে নুমলীগড় আৰক্ষীৰ এটা দল আৰু কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই চাঞ্চল্যকৰ ঘটনাৰ আৰক্ষীক উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তিৰ দাবী জনাইছে মৰঙি আঞ্চলিক ছাত্ৰ সন্থাই৷
Also Read: দৰঙত অগ্নি আৰু দুৰ্যোগৰ ওপৰত সজাগতা শিবিৰ