উজীৰৰ টোল ৰঙাজানত জন্মস্থান পৰিচালনা সমিতিৰ সংবাদমেল...

উজীৰৰ টোল ৰঙাজানত নিৰ্মান সম্পূৰ্ণ হৈ উঠা মহাপুৰুষজনাৰ জন্মভেঁটিৰ এক স্মাৰক কাইলৈ উন্মোচন কৰা সম্পৰ্কত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰা হয় ।
উজীৰৰ টোল ৰঙাজানত জন্মস্থান পৰিচালনা সমিতিৰ সংবাদমেল...
উজীৰৰ টোল ৰঙাজানত জন্মস্থান পৰিচালনা সমিতিৰ সংবাদমেল...

ডিজিটেল সংবাদ; বান্দৰদেৱা: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান উজীৰৰ টোল ৰঙাজানত আজি জন্মস্থান পৰিচালনা সমিতিয়ে এক সংবাদ মেল অনুষ্ঠিত কৰে। জন্মস্থান খনত নিৰ্মান সম্পূৰ্ণ হৈ উঠা মহাপুৰুষজনাৰ জন্মভেঁটিৰ এক স্মাৰক কাইলৈ উন্মোচন কৰা সম্পৰ্কত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰা হয় । সংবাদ মেলত সংঘৰ সভাপতি বিপিন বৰা, গোলাপ বৰুৱা, ব্ৰজেন শইকীয়া, দেৱ দুৱৰা, অনিল দত্ত, দিলীপ ফুকনকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে, কাইলৈ মহাপুৰুষ জনাৰ জন্মভেঁটিৰ স্মাৰক আনুষ্ঠানিকভাবে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উন্মোচন কৰিব। অনুষ্ঠানটোত মহাপুৰুষ জনাৰ জন্মস্থানত কাইলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাও উপস্থিত থাকিব। জন্মস্থানখনলৈ মহাপুৰুষজনাৰ স্মাৰক প্ৰদানেৰে গুৰুদায়িত্ব পালন কৰা দাতা নাৰায়ন ভূঞাই যি আদৰ্শ দেখুৱালে সেয়া সদায় উল্লেখযোগ্য হৈ থাকিব বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ পৰা নিৰ্মান কৰা কাৰ্যালয়গৃহ অসম দৰ্শনৰ অধীনত নিৰ্মান কৰা যান বাহন ৰখোৱা ঠাই আদিও কাইলৈ স্মাৰকৰ সমান্তৰাল ভাবে উন্মোচন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in