ঘিলামৰাত ইন'ভাৰ খুন্দাত বাইক আৰোহী আহত

ঘিলামৰাত ইন'ভাৰ খুন্দাত বাইক আৰোহী আহত

ডিজিটেল সংবাদ,ঢকুৱাখনা: শনিবাৰে ঘিলামৰাত এখন তীব্ৰবেগী ইনভা গাড়ীৰ খুন্দাত এজন নিৰীহ বাইক চালক গুৰুতৰভাবে আহত হয়। আজি বিয়লি গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথেৰে এ এছ ০৭ এন ৩২৪০ নম্বৰৰ এখন হিৰ স্পেলণ্ডৰ বাইক লৈ সঠিক ভাবেই আহি আছিল। তেনে অৱস্থাত বিপৰীত দিশ গোগামুখৰ পৰা তীব্ৰ গতিত আহি এ এছ ২৯/ ০০০৩ নম্বৰৰ এখন টয়টা ইনভাই চামপৰা অংশত প্ৰচণ্ড খুন্দা মাৰি পথৰ ওপৰত পেলাই পলায়ন কৰে। গাড়ীৰ খুন্দাত চিটিকি পৰা নিৰীহ বাইক চালক চন্দ্ৰ খনিকৰ(৪৫) গুৰুতৰ ভাবে আহত হয় ।

বৰদৈ বাগান গৰৈ গাঁওৰ আহত ব্যক্তিজনক ৰাইজে উদ্ধাৰ কৰি ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নি জৰুৰী চিকিৎসা প্ৰদান কৰে। পাছত ৰাইজৰ তৎপৰতাত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ঘিলামৰা আৰক্ষী থানাত সোমোৱাবলৈ গাড়ী চালকজন বাধ্য হয়।

ৰাজপথত তীব্ৰ গতিত গাড়ী চলাই নিৰীহৰ জীৱন সংকটা পূৰ্ণ কৰি তোলা অবিবেচকী বাহনখনৰ চালকজনৰ ওপৰত আৰক্ষীয়ে কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে। জনামতে বাহনৰ খুন্দাত গুৰুতৰ ভাবে আহত হোৱা নিৰীহ ব্যক্তিজনৰ অৱস্থা বিপদমুক্ত নহয় ।

ঘিলামৰাত ইন'ভাৰ খুন্দাত বাইক আৰোহী আহত
গৰু বিহুৰ দিনা হোজাই নীলবাগানত ভয়ংকৰ অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in