বিদ্যুৎস্পৃষ্ট হৈ ঘিলামৰাত প্ৰাণ হেৰুৱালে দুই বিদ্যুৎ কৰ্মীয়ে...

বিদ্যুৎস্পৃষ্ট হৈ ঘিলামৰাত  প্ৰাণ হেৰুৱালে দুই বিদ্যুৎ কৰ্মীয়ে...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিমাং অঞ্চলত শুক্ৰবাৰে বিয়লি সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাত দুজন বিদ্যুৎ কৰ্মীৰ অকাল মৃত্যু ঘটে। ঘটনাৰ বিবৰণী মতে ঘিলামৰাৰ শিৱ প্ৰসাদ বৰুৱা নামৰ এজন জনস্বাস্থ্য বিভাগৰ  ঠিকাদাৰৰ অধীনত গোগামুখ আৰক্ষী থানাৰ অন্তর্গত মিমাং  কঠালগুৰি বৰালি চাপৰি লালুকী জান অঞ্চলত  জলজীৱন মিছনৰ এখন আঁচনিৰ বিদ্যুৎ বিভাগৰ কাম কৰি আছিল।

এনে সময়তে  অজ্ঞাত কাৰণত বিদ্যুৎ প্ৰবাহ হৈ যোৱাৰ ফলত কৰ্মৰত বিদ্যুৎ শ্ৰমিক দুগৰাকী ঘটনা স্থলীতে অকাল মৃত্যুক সাৱটি লব লগা হয় । মৃত দুই কৰ্মী ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁওৰ মুকুল চাংমাই (৩৬) আৰু টেঙা আম মাজগাওঁৰ  কুশল চুতীয়া(৩৩) বুলি জানিব পৰা গৈছে। 

ঘটনাস্থলীত গোগামুখ আৰক্ষী উপস্থিত হৈ  গোচৰ পঞ্জীয়ন কৰি মৃতদেহ দুটা উদ্ধাৰ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। বিশেষ সূত্ৰে জনা মতে ঠিকাদাৰ  গৰাকীয়ে  গোগামুখ বিদ্যুৎ বিভাগক অৱগত নকৰাকৈ আঁচনিখনৰ বিদ্যুৎ সংযোগৰ দৰে বিপদাপন্ন  কামত দুই কৰ্মীক নিয়োগ কৰাৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে ।

আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ইপিনে ঘিলামৰাৰ দুগৰাকী দৰিদ্ৰ শ্ৰমিকৰ এনে অকাল বিয়োগৰ বাবে ঠিকাদাৰ গৰাকীৰ দায়িত্বহীনতাক জগৰীয়া কৰি দুয়োটা দুৰ্ভগীয়া পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে আত্মীয় স্বজন আৰু সচেতন ৰাইজে।

বিদ্যুৎস্পৃষ্ট হৈ ঘিলামৰাত  প্ৰাণ হেৰুৱালে দুই বিদ্যুৎ কৰ্মীয়ে...
কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ ৰণডংকা, হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিশাল সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in