/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/96f21072-e6fe-4bf4-bb8b-70592783ce12/ddsd.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰ বিজেপিৰ বিভিন্ন নেতা-পালিনেতাই বিজেপি ত্যাগ কৰি বিপিএফ দলত যোগদান কৰাৰ সময়তে শুকুৰবাৰে বিজেপিয়ে কোকৰাঝাৰত দলীয় শক্তি প্ৰদৰ্শন কৰে । বিপিএফ জেষ্ঠ্য নেতা তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে বিজেপিত গৰাখহনীয়া হৈছে বুলি মন্তব্য কৰাৰ পিছত আজি বিজেপিয়ে প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ বাসভৱনৰ সন্মুখত তথা গ্ৰীণ ফিল্ডত বৃহৎ সমাৱেশ পাতি তথা প্ৰায় ২০ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটাই বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/59f2b084-b45f-4ef1-8973-b1f3a2de0c5a/3ff1c417_ba6b_4281_b0ec_7d9627c57577.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/85efde1e-d738-4589-bd5c-186a5f753d01/719bff6c_1280_4225_b9be_9b345cf57bbe.jpg)
উল্লেখ্য যে কোকৰাঝাৰ আৰু বাওখুংগ্ৰী সমষ্টিক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি অনুষ্ঠিত হোৱা বৃহৎ গণসমাৱেশখন সফল কৰি তুলিবলৈ বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাবে এক প্ৰত্যাহ্বান আছিল। কিয়নো অৰূপ কুমাৰ দে'ৰ বাবেই একাংশ নেতা বিজেপি ত্যাগ কৰা বুলি গুৰুতৰ অভিযোগ উঠাৰ পিছত আজি অৰূপ কুমাৰ দে'ৰ বাবে সভাখন অগ্নিপৰীক্ষা আছিল ।
অৱশেষত সভাখনত লানি নিছিগা মানুহৰ সোঁত ববলৈ ধৰিলে , মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাক বালাজান তিনালীৰ পৰা মটৰচাইকেলেৰে আদৰি নিলে। বালাজান তিনালীৰ পৰা সভাথলীলৈ প্ৰায় ৭ কিলোমিটাৰ পথ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাই অৱশেষত মটৰচাইকেলেৰে যাত্ৰা কৰিলে । সভাথলীত মন্ত্ৰীদ্বয় উপস্থিত হোৱাৰ পিছতে ভাৰত মাতা কি জয় ধ্বনিত সভাথলী মুখৰিত হৈ পৰে । ভাষন প্ৰসংগত জয়ন্তমল্ল বৰুৱাই কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব । কোকৰাঝাৰত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জয়ী কৰোৱাই আমাৰ মূল লক্ষ্য ।
পূৰ্বতে অঞ্চলটোত বড়ো- অবড়োৰ সংঘাত হৈছিল ৷ এতিয়া শান্তি,উন্নতি আৰু বিকাশৰ কাম আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু এতিয়া চৌদিশে উন্নয়ন আৰু প্ৰগতি হৈছে ৷ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে ৰাইজ সাজু হৈছে ।
আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত জয়ন্তমল্ল বৰুৱাই কয় যে, ইউপিপিএল , অগপ আৰু গণশক্তিৰ মাজত মিত্ৰতা অব্যাহত আছে আৰু এই মুহুৰ্তত বেলেগৰ লগত মিত্ৰতা কৰাৰ প্ৰশ্ন নুঠে । নিৰ্বাচনত কোনোবাই সহায় কৰিব খুজিলে , প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে তাত বিজেপিৰ কব লগা একো নাথাকে বুলি মন্তব্য কৰি প্ৰতীকচিহ্ন যিয়েই নহওঁক বৰ্তমান বিজেপিয়ে মিত্ৰদলৰ সপক্ষে প্ৰচাৰ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f31dfad9-3160-45dc-96ac-0fd09a26ff69/8afad6f4_cb93_4c95_a792_04a6da730a63.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4f91695c-e597-4efd-9235-92ea4cb32233/2467d017_5151_4f91_9bfb_e71296e18031.jpg)
আনহাতে সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেয়া আখৰে আখৰে ৰূপায়ন কৰে। অসমত ২১ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল আৰু এতিয়া ২৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে ৷ অনাগত দুবছৰত আৰু ৭ লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়া হব বুলি মন্তব্য কৰি বিজেপিয়ে দুখীয়াক সহায় কৰি যাব বুলি মন্তব্য কৰিছে। তদুপৰি তেওঁ কয় যে এতিয়ালৈকে ৰাজ্যত ৮৭ হেজাৰ নিবনুৱাই এটকাও ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰিছে ৷
বহুসংখ্যক দুখীয়া ঘৰৰ সন্তানে চাকৰি লাভ কৰিছে। পূৰ্বতে ধনৰ বিনিময়ত ধনী ঘৰৰ সন্তানে চাকৰি লাভ কৰিছিল । পূৰ্বৰ চৰকাৰৰ সময়ত এটা চাকৰিৰ বাবদ ৫০ লাখৰ পৰা ৭০ লাখ টকা পৰ্যন্ত ঘোচ হৈছিল ৷ কিন্তু আজি এটকাও নিদিয়াকৈ দুখীয়া ঘৰৰ সন্তানে চাকৰি লাভ কৰিছে , ধনী ঘৰৰ সন্তানেও মেধাৰ বলত চাকৰি পাইছে। বিটিচিৰ সৰ্বাংগন উন্নয়নৰ বাবে বিজেপি চৰকাৰে অনুদান দিছে , বিটিআৰত নতুনকৈ গাঁও অন্তৰ্ভুক্তি কৰিছে ।
আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত পীযুষ হাজৰিকাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ লক্ষ্য ১২ খন আসন দখল কৰা বুলি মন্তব্য কৰে । বিটিআৰত বিজেপিত ভাঙোন সন্দৰ্ভত তেওঁ কয় যে আয়াৰাম-গয়াৰাম বিজেপিত আহিছে- গৈছে । তাত আমাৰ কব লগা একো নাই। বিপিএফ দল শক্তিহীন হ'ব আৰু বিটিআৰৰ দুয়োটা সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব । বিপিএফে বড়োলেণ্ড ধ্বংস কৰিলে , পূৰ্বতে পেডত কামৰ অৰ্ডাৰ দিছিল , টেণ্ডাৰ দিছিল বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই কয় যে বিটিআৰৰ দুয়োটা সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব ।
উল্লেখ্য যে আজিৰ বিশাল জনসভাত বিটিচি প্ৰধান প্ৰমোদ বড়ো,বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক সুৰেন ফুকন,বিজয় মালাকাৰ,বিটিআৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী,ৰনেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, এমচিএলএ সজল সিংহ,ৰাজীৱ কুমাৰ ব্ৰহ্ম,ইউপিপিএলৰ সাধাৰন সম্পাদক ৰাজু নাৰ্জাৰী , কেএচিৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়কে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মা আৰু নাই, ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...