/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7e52be3c-d0b8-4f65-bc93-5c96722e2b79/jud.jpg)
ডিজিটেল সংবাদ, ঘিলামৰাঃ অসম নাট্য সন্মিলনৰ স্বৰ্ণ পীঠ মণ্ডল,লখিমপুৰ জিলা সমিতি আৰু ঘিলামৰা ইংগিত শাখাৰ উদ্যোগত ঘিলামৰাৰ বিভিন্ন ক্ষেত্রৰ তিনি গৰাকী বিশিষ্ট ব্যক্তিক এখন ওলগনি পত্র আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
এই কাৰ্যক্ৰমৰ অংশ হিচাপে ব’হাগৰ প্ৰথম দিনটোতে ঘিলামৰা তিনি আলিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, নাট্য কৰ্মী, ধনী গগৈ, গোপালপুৰৰ নিবাসী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বিশিষ্ট চাহ খেতিয়ক তথা ঘিলামৰা কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্ট নাট্য কৰ্মী পূর্ণানন্দ দত্ত আৰু ভকত গাঁৱৰ নিবাসী সমাজ সেবক, বিশিষ্ট নাট্য কৰ্মী মহেশ দত্তৰ নিজা নিজা বাসভৱনত গৈ সম্বৰ্ধনা জনোৱা হয়।
অসম নাট্য সন্মিলনৰ নৱ নিবাচিত সহকাৰী সম্পাদক যোগানন্দ গগৈ, লখিমপুৰ জিলা সমিতিৰ সম্পাদক সঞ্জয় ফুকন, ঘিলামৰা ইংগিত শাখাৰ শাখাৰ সভাপতি শৈলেন কুমাৰ দত্ত, সম্পাদক বিজয় ভৰালী, কাৰ্য্য নিবাহক সদস্য উত্তম কুমাৰ হাজৰিকাই সহযোগিতা আগবঢ়াই।
Also Read: জামুগুৰিহাটত চি পি আই এমৰ লগতে কংগ্ৰেছ আৰু আমছুৰ নেতাই যোগ দিলে বিজেপিত...