জামুগুৰিহাটত চি পি আই এমৰ লগতে কংগ্ৰেছ আৰু আমছুৰ নেতাই যোগ দিলে বিজেপিত...

জামুগুৰিহাটত চি পি আই এমৰ লগতে কংগ্ৰেছ আৰু আমছুৰ নেতাই যোগ দিলে বিজেপিত...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী  ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাইছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। উত্তৰ নদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত তথা জামুগুৰিহাটৰ টুপীয়াচাহ বাগিছাত অনুষ্ঠিত বিজেপি দলৰ নিৰ্বাচনী সভাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ চতিয়া সমষ্টি চিপি আই এমৰ জ্যেষ্ঠ নেতা নাৰয়ন বৰুৱা, বিশ্বনাথ জিলা আমছুৰ উপ সভাপতি মঃ দিলবৰ হুছেইন আৰু বৃহত্তৰ ইটাখোলা অঞ্চলৰ উদীয়মান যুৱক তথা ইটাখোলা আঞ্চলিক আমছুৰ সভাপতি মঃ আনোৱাৰ হুছেইনে , কংগ্ৰেছ দলৰ নেতা কৰ্মীকে ধৰি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

যোগদানকাৰী সকলক বিধায়ক পদ্ম হাজৰিকাই বিজেপি দলৰ প্ৰতিক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰনী জনাই কয় যে চি পি আই এমৰ জ্যেষ্ঠ নতা নৰায়ন বৰুৱা অকল ৰাজনৈতিক নেতাই নহয় তেখেত এগৰাকী বিশিষ্ট সমাজকৰ্মী ও ৷অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান সমুহৰ লগত তেখেত দীৰ্ঘদিনৰ পৰা জঢ়িত হৈ আহি বিশেষ অৱদান আগবঢ়াই আহিছে৷মোৰ ৰাজনৈতিক জীৱনৰো তেখেত এগৰাকী পথ প্ৰদৰ্শক বুলি মই ভাবো৷

১৯৯৬ চনত মই অসম গন পৰিষদ দলৰ বিধায়ক হোৱাৰ ক্ষেত্ৰতো তেখেতে মিত্ৰ যোতত থাকি মোক বিভিন্ন ধৰনে সহায় সহযোগিতা আগবঢ়াইছিল৷ আজি নাৰায়ন বৰুৱা দাঙৰীয়াই বিজেপি দলত যোগদান কৰি কেৱল মোক সহায় কৰিব বুলিয়েই নহয় তেখেতে বিজেপি দলকো বিশেষভাবেই সহায় কৰিব বুলি মই দৃঢ়তাৰে কব পাৰো৷ইয়াৰ উপৰিও সংখ্যালঘু ছাত্ৰ সংগঠনৰ নেতা কেইগৰাকীয়ে আজি বিজেপি দলত যোগদান কৰাতো মই সন্তুষ্টি প্ৰকাশ কৰিছো ৷

তেখেত সকলেও আজিৰ পৰা দলৰ একোগৰাকী নিষ্ঠাবান কৰ্মী হিচাবেই আমাৰ বিজেপি দলৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ আহৱান জনাইছো৷ নিৰ্বাচনী সভাৰ মাজতে বিধায়ক পদ্ম হাজৰিকাই ঝুমুৰ গীত নৃত্যত দলীয় কৰ্মী সকলৰ সৈতে মতলীয়া হোৱা দেখিবলৈ পোৱা গ'ল।সভাত উপস্থিত থাকে উত্তৰ নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, জ্যেষ্ঠকৰ্মী খেমৰাজ চেত্ৰীৰ, প্ৰমুখ্যে কৰি দলৰ বিভিন্ন দায়িত্বত থকা বিজেপিৰ কৰ্ম কৰ্তা সকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in