গোশালাৰ কৰ্মী, ভিডিপি সম্পাদক নামিছে গৰুৰ চোৰাং সৰবৰাহত ! তিনিজনক গ্ৰেপ্তাৰ

গোশালাৰ কৰ্মী, ভিডিপি সম্পাদক নামিছে গৰুৰ চোৰাং সৰবৰাহত ! তিনিজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
গোশালাৰ কৰ্মী, ভিডিপি সম্পাদক নামিছে গৰুৰ চোৰাং সৰবৰাহত ! তিনিজনক গ্ৰেপ্তাৰ

গোশালাৰ কৰ্মী, ভিডিপি সম্পাদক নামিছে গৰুৰ চোৰাং সৰবৰাহত ! তিনিজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ মানকাচৰঃ গোশালাৰ কৰ্মী জড়িত হৈ পৰিছে গৰুৰ চোৰাং সৰবৰাহৰ সৈতে। মানকাচৰৰ তেলঢালাত চোৰাং গৰুসহ তিনিজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য। উল্লেখ্য যে, মেঘালয়ৰ পৰা চোৰ কৰি অনা দুটা গৰুসহ অসমত প্ৰৱেশৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল আবুল কালাম নামৰ এজনক।

Advertisment

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধপোছ কৰাত জনকল্যাণ গোশালাৰ দুই কৰ্মচাৰী ক্ৰমে ৰছিদ আলী আৰু কমৰচান্দক গ্ৰেপ্তাৰ কৰিছে। মন কৰিবলগীয়া যে, সীমান্তত আৰক্ষী, বি এছ এফে জব্দ কৰা চোৰাং গৰুসমূহ এই গোশালাত লালন পালন কৰা হয়।

আদালতৰ নিৰ্দেশ মৰ্মেই ইয়াত এই গৰুসমূহ ৰখা হয়। কিন্তু এই গোশালাৰে কৰ্মী কমৰচান্দ আৰু ৰছিদে আবুল কালামক বিক্ৰী কৰাৰ অভিযোগ উঠিছে গোশালাৰ গৰু।অৱশ্যে আৰক্ষীয়ে এতিয়াও স্পষ্টকৈ ক'ব পৰা নাই জব্দ কৰা গৰু দুটা প্ৰকৃততে মেঘালয়ৰ পৰা চোৰ কৰি অনা নে গোশালাৰ পৰা চোৰ কৰা।

এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে এই ঘটনাৰ নাম সাঙোৰ খাইছে এগৰাকী গাওঁৰক্ষী বাহিনীৰো। তেলঢালা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জাকিৰ হুছেইনৰ নাম এই কাণ্ডৰে জড়িত হৈ পৰাত তেওঁকো আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে। আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ মতে তেওঁকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

Also Read: মৰিগাঁও জিলা কবি সন্মিলনৰ 'চোতালত শাৰদীয় আলাপ' অনুষ্ঠান সম্পন্ন...

মানকাচৰ চোৰাং গৰু