/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/1ytjitzv/sutal-21.jpg)
ডিজিটেল সংবাদ মায়ং: মৰিগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “চোতাল” শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আজি মৰিগাঁও জিলাৰ মনহা বৰমপুৰৰ কাব্যানুৰাগী শিক্ষক দীপক কুমাৰ মেধিৰ বাসগৃহৰ চোতালত অনুষ্ঠিত হয় ৷ মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকাই সঞ্চালনা কৰা আৰু সম্পাদক ৰাজীৱ চহৰীয়াই আঁত ধৰা “চোতালত শাৰদীয় আলাপ” অনুষ্ঠানটি উদ্বোধন কৰি বিশিষ্ট কবি সাহিত্যিক ড° উৎপল নাথে কয় যে, সদৌ অসম কবি সন্মিলনৰ “চোতাল” শীৰ্ষক অনুষ্ঠানটিয়ে অসমীয়া ভাষাৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/43qpqa41/WhatsApp-Image-2024-09-21-at-6.45.30-PM.jpeg)
এতিয়া বহু লোকৰ চোতালত মাতৃভাষা নুফুটে৷ এসময়ত প্ৰতি ঘৰ মানুহৰ চোতালত অসমীয়া ভাষা উমলি জামলি আছিল যদিও এতিয়া আইতাৰ সাধুকথাৰ সেই পৰিবেশ নাই ৷ সেয়েহে কেৱল কবিতাই নহয়, আমাৰ প্ৰতি ঘৰ মানুহৰ চোতালতে হব লাগে গল্প, কবিতা, উপন্যাস আৰু সাধুকথা চৰ্চাৰ অনুষ্ঠান ৷
অনুষ্ঠানৰ আদৰণি ভাষণত জিলা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুত দাসে কয় যে কবিতাৰ জৰিয়তে সমাজৰ হিত সাধন কৰিব পাৰি ৷ সমাজ পৰিবৰ্তনত কবিতাই আজিও বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ অনুষ্ঠানৰ আৰম্ভণিতে মনহা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিকান্ত বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/q27wkmwd/WhatsApp-Image-2024-09-21-at-6.45.31-PM.jpeg)
কবি ভবেন চন্দ্ৰ নাথ আলোচক হিচাপে উপস্থিত থকা কবিতাৰ অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি অশোক ৰাম ভট্টাচাৰ্য, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, মৰিগাঁও জিলা নেপালী সাহিত্য সভাৰ সভাপতি সাগৰ ঢুংগেল, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি জগদীশ নাথ, পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, সাংবাদিক নজৰুল ইছলাম, মনহা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ মেধি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত জিতুমণি বৰদলৈ, মিনতি দেৱী, অংশুমালা শইকীয়া, চেনেহী ডেকা,গীতামণি দাস পাটৰ,যশোৱন্ত নাথ, নিজৰা শইকীয়াৰ,বিনন ডেকা, দুৰ্গেশ্বৰ বৰকটকী, অঞ্জুমণি ডেকাই কবিতা পাঠ কৰে। শিল্পী কনকেশ্বৰ ডেকাৰ গীত পৰিৱেশন, শিক্ষয়িত্ৰী নিজৰা শইকীয়াৰ গল্প পাঠ আৰু কবি ড০ উৎপল নাথ, নজৰুল ইছলামৰ দ্বৈত কন্ঠৰ কবিতা পাঠৰ অনুষ্ঠানে সৌষ্ঠৱ বৃদ্ধি কৰে।
আনহাতে সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথে কবিতাৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে, অনুষ্ঠানত যুৱ কবি- লেখিকা ড০ কংকনা মেধিক মৰিগাঁও জিলা কবি সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু গামোছাৰে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে।
Also Read: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱোলা ডিব্ৰুগড়ত শুভাৰম্ভ কৰিলে স্বচ্ছেতাই সেৱা অভিযান