
ডিজিটেল সংবাদ,নগাঁও : ক্ৰিকেটাৰৰ ৰূপত সাংসদ গৌৰব গগৈ ৷ নগাঁৱত সাংসদ গগৈ ব্যস্ত হ’ল ক্ৰিকেট খেলাত ৷ বিয়লি ভাগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সাংসদ গৌৰব গগৈয়ে প্ৰথমে বলিং কৰি অনুশীলন কৰে ৷ পিছত বেটিঙ কৰি ব্যস্ত হোৱা দেখা যায় ৷
নগাঁৱৰ ষ্টাৰ স্পটিং ক্লাবে আয়োজন কৰিছিল এখন ক্ৰিকেট প্ৰতিযোগিতাৰ ৷ প্ৰয়াত পুলিন শইকীয়া সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভত সাংসদ গগৈ উপস্হিত থাকে ৷ ষ্টাৰ স্পটিঙৰ ৫৯ তম প্ৰতিস্হা দিৱস উপলক্ষে আয়োজিত দিবা নৈশ্য ক্ৰিকেট প্ৰতিযোগিতা খনিত ৬ টাকৈ দলে অংশ গ্ৰহণ কৰে ৷
আৰু পঢ়ক: অধিৱেশনৰ পৰা আহি থাকোতেই অসুস্থ হৈ মৃত্যু প্ৰাক্তন ছাত্ৰ নেতা খগেন গগৈৰ