চাৰ্জত লগাই গেম খেলি আছিল মোবাইলতঃ ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪ জনৰ...

চাৰ্জত লগাই গেম খেলি আছিল মোবাইলতঃ ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪ জনৰ...

author-image
Asomiya Pratidin
New Update
চাৰ্জত লগাই গেম খেলি আছিল মোবাইলতঃ ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪ জনৰ...

ডিজিটেল ডেস্কঃ মোবাইলত গেম খেলি থকা ঘটনাই সৰ্বনাশ মাতি আনিলে এটা অঞ্চললৈ। মেৰঠৰ পল্লবপুৰমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি মোবাইল চাৰ্জত লাগি থকাৰ সময়ত চৰ্ট শ্বাৰ্কিট হৈ ৪ টা শিশুৰ মৃত্যু হয় আৰু পিতৃ-মাতৃ গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে মোবাইলটো চাৰ্জত লাগি থকাৰ সময়ত শিশুটোৱে গেম খেলি আছিল।

দোৰালাৰ চাৰ্কল অফিচাৰ শিচিতা সিঙৰ মতে, "২৩ মাৰ্চৰ আবেলি প্ৰায় ৪.৪০ বজাত অগ্নিকাণ্ডৰ ঘটনা হৈছিল। জৌনী নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। জুইয়ে কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটো আগুৰি ধৰে। য'ত চাৰিকা(১০), নিহাৰিকা(৮), গোলু(৬) আৰু কালু(৪)ৰ মৃত্যু হয়। প্ৰথম অৱস্থাত তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পাছত মৃত্যু হয়।

বৰ্তমান চিকিৎসাধীন হৈয়ে আছে গলুৰ পিতৃ জৌনী। তেওঁ এই সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: কংগ্ৰেছ...