শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত আশীৰ্বাদ ল'লে গৌৰৱ গগৈয়ে

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত আশীৰ্বাদ ল'লে গৌৰৱ গগৈয়ে

ডিজিটেল সংবাদ,ঘিলাধাৰী : সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনকলৈ তৎপৰ প্ৰতিটো দল ৷ সমান্তৰালভাৱে কংগ্ৰেছ দলে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা পিছতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত উপস্থিত হৈ চাকি-ধূপ, শৰাই আগবঢ়াই নেদেখাজনৰ আশীষ বিছাৰে ৷

ইয়াৰ পিছতে গগৈয়ে কয় যে, সদায এটা ভাল কাম কৰা পূৰ্ব আঠখেলীয়া নামঘৰলৈ আহিছিলো,আজিও সৎ মনেৰে আহিছো ৰাইজৰ আশীৰ্বাদ বিছাৰিছো ৷ এইবাৰ নিৰ্বাচন অংকৰৰ যুঁজ নহয়, এইবাৰ নিৰ্বাচন আবেগৰ নিৰ্বাচন ৷

'কা' আইন যিদৰে বলৱৎ কৰিলে এইবাৰ মানুহৰ জাতীয়তা আবেগ জাগিছে৷তাৰ প্ৰমাণ অনাগত দিনত ৰাইজে গম পাব ৷ তেঁও কলিয়াবৰ সমষ্টি এৰি কিয় যোৰহাট সমষ্টিৰ বাছি ল’লে বুলি সোধা আন প্ৰশ্নৰ উত্তৰত কয়- যদি মোক ব্যক্তিগতভাৱে সোধে, আগৰ দৰে কলিয়াবৰ লোকসভা সমষ্টি য’ৰ পৰা আমাৰ পৰিয়ালৰ সদস্যই ৩০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিলে ৷ সেই সমষ্টিটো বিছাৰো, কিন্তু বিজেপিয়ে দেখিলে যে সমুখৰ পৰা যুঁজিলে বিজেপিয়ে জিকিব নোৱাৰিব ৷

গতিকে তেঁওলোকে নিৰ্বাচনী আয়োগৰ সহায় লৈ সেই সমষ্টিটো থানবান কৰিলে ৷ থানবান কৰা পিছত তেতিয়াই কৈছিলো দলে মোক য’তে দিয়ে দলৰ এজন নিষ্ঠাবান সৈনিক হিচাপে তাত ঠিয় হ'ম ৷ বিৰোধী ঐক্যমঞ্চ থানবান হৈছে নেকি বুলি সোধা প্ৰশ্নত পুনৰ কয়- মোৰ মতেতো দেখা নাই, বিজেপি দলটো থানবান হোৱাটো দেখিছো ৷

যিদৰে ডিব্ৰুগড়ত এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক নমাই দিছে ৷ শোণিতপুৰত এজন প্ৰাক্তন ৰাজ্য চৰকাৰৰ মন্ত্ৰীক টিকট নিদিলে, ডিব্ৰুগড়ত এজন কেন্দ্ৰীয় মন্ত্ৰীক আঁতৰাই দিছে ৷ গুৱাহাটী সমষ্টিটো মিউজিকেল চেয়াৰ ৷ ৫টা বছৰ তুমি বহা,৫টা বছৰ বেলেগ বহিব ৷ গুৱাহাটী সমষ্টিটো ৰাজনীতি বাবে যি স্বীকৃতি পাব লাগিছিল সেইয়া তাত নাই ৷ থানবান যদি দেখা পাও বিজেপি দলতে দেখা পাও বুলি গৌৰৱ গগৈয়ে ব্যক্ত কৰে ৷

ইয়াৰ পিছতে নামঘৰৰ পৰাই ওলাই কা বলৱৎ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কা বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰি গৌৰৱ গগৈয়ে নিজ হাতেৰে প্লে কাৰ্ডত কা লিখি ৰঙা ৰঙেৰে কটা চিহ্ন দি কা আমি নামানো ,জয় আই অসম আদি শ্ল’গান দিয়ে ৷ বেনাৰ,পোষ্টাৰত কা লিখি কটা চিহ্ন দি কা-ৰ বিৰুদ্ধে আঠখেলীয়া নামঘৰৰ পৰাই এই কেম্পেন আৰম্ভ কৰি সমগ্ৰ অসমতে অসমীয়া ৰাইজ আৰু অসমীয়া নৱপ্ৰজন্মই য’তে পদুম ফুল দেখে তাতে কা লিখি কটা চিহ্ন দিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে ৷

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত আশীৰ্বাদ ল'লে গৌৰৱ গগৈয়ে
প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত লুৰীণজ‍্যোতি গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in